গৰুখুঁটি ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ : শান্তি ভংগকাৰীক চিনাক্তৰ নির্দেশ

A

নিউজ ডেস্ক:


চিপাঝাৰৰ গৰুখুঁটিৰ ভয়ংকৰ ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।শান্তি ভংগ কৰা লোকক চিনাক্তৰ নিৰ্দেশ।পৰিকল্পিত ভাৱে আৰক্ষীৰ ওপৰত আক্ৰমণ হৈছিল নেকি তাৰো তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী গৰাকীৰ ৷উল্লেখ্য যে গৰুখুঁটিৰ উচ্ছেদিত জনতাই উচ্ছেদ বন্ধ ৰখাৰ দাবীত সাব্যস্ত কৰিছিল প্ৰতিবাদ।তাৰ পাছতে আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়।আৰক্ষীৰ অভিযোগ প্ৰতিবাদকাৰীয়ে আৰক্ষীক যাঠি- জোং লৈ আক্ৰমণ কৰিবলৈ উদ্যত হয়।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলিচালনা কৰে।ইফালে আৰক্ষীৰ গুলিত নিহত ২জন প্ৰতিবাদকাৰী।আহত হৈছে ৯জনকৈ আৰক্ষী।

গুৰুত্বপূৰ্ণ কথা এই যে  অসম কৃষি প্ৰকল্পৰ  বাবে উচ্ছেদ কৰা হৈছে ভূমি।ভূমি উচ্ছেদৰ কালি দ্বিতীয়দিন আছিল।

Your Comments