গৰুখুঁটিত উত্তপ্ত পৰিস্থিতি, দুই প্ৰতিবাদকাৰী আৰক্ষীৰ গুলিত নিহত

A

নিউজ ডেস্ক:

ছিপাঝাৰৰ গৰুখুঁটিত  সংঘটিত হৈছে ভয়ংকৰ  পৰিস্থিতি।উচ্ছেদিত ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘাত।দ্বিতীয় দিনা উচ্ছেদৰ সময়ত হাজাৰ হাজাৰ ৰাইজ ওলাই আহে প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলিচালনা।আৰক্ষীৰ গুলিত নিহত ২জন প্ৰতিবাদকাৰী।ছাদ্দাম হুছেইন আৰু শেখ ফৰিদ নামৰ দুজন প্ৰতিবাদকাৰী আৰক্ষীৰ গুলিত নিহত হোৱাৰ খবৰ আহিছে।

উল্লেখ্য যে উচ্ছেদিত ৰাইজে হাতে হাতে লাঠী-জোং লৈ আৰক্ষীৰে মুখামুখী  হয়।প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছে প্ৰায় ৯গৰাকীকৈ আৰক্ষী।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলিচালনা।আহত হৈছে আৰক্ষী বিষয়া মনি আহমেদ।দৰঙৰ আৰক্ষী অধীক্ষক উপস্থিত ঘটনাস্থলীত।

ইফালে প্ৰতিবাদকাৰীৰ বিজেপি গৌ' বেক, অসম পুলিচ গৌ' বেক ধ্বনিৰে উত্তাল সমগ্ৰ পৰিৱেশ।

গুৰুত্বপূৰ্ণ  কথা এই যে উচ্ছেদৰ আজি দ্বিতীয় দিন।শুকুৰবাৰেও চলিব উচ্ছেদ।

Your Comments