২৭ছেপ্টেম্বৰৰ ভাৰত বন্ধলৈ সমৰ্থন অসম মটৰ শ্ৰমিক মঞ্চ সমূহৰ : পেট্ৰলজাত সামগ্ৰী বিতৰণ-পৰিবহনো থাকিব বন্ধ

A

নিউজ ডেস্ক:

সংযুক্ত কৃষক মৰ্চা আৰু শ্ৰমিক সংগঠনসমূহে ২৭ছেপ্টেম্বৰত আহ্বান জনোৱা ২৪ঘণ্টা ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন অসম মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ।বন্ধ সফল কৰাৰ বাবে উক্ত দিনা বাণিজ্যিক বাহনকে ধৰি চৰকাৰী-বেচৰকাৰী সকলো বাহনৰ চলাচল বন্ধ ৰাখিবলৈ অসম বাসীক আহ্বান জনায় যৌথ মঞ্চই ।দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেলৰ জৰিয়তে যৌথ মঞ্চৰ হৈ বীৰেন বৈশ্যই এই কথা প্ৰকাশ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে  পেট্ৰ’লিয়াম মজদূৰ ইউনিয়নেও বন্ধলৈ সমৰ্থন জনাই পেট্ৰ’লজাত সামগ্ৰীৰ বিতৰণ- পৰিবহনো উক্ত দিনা বন্ধ ৰাখিব।ফলত ৰাজ্যত নাটনি হ'ব ৰন্ধন গেছকে ধৰি পেট্ৰ’লজাত ইন্ধন- এই কথা প্ৰকাশ কৰে ৰমেন দাসে।

উল্লেখ্য যে কৃষক বিৰোধী ৩খনকৈ কৃষি আইন আৰু শ্ৰমিক বিৰোধী ৪ খন শ্ৰম সংহিতা বাতিলৰ দাবীত আহ্বান কৰিছে বন্ধৰ।

Your Comments