বুধবাৰৰপৰা গ্রাম্যাঞ্চলত ক'ভিডৰ নতুন নিৰ্দেশনা, পঢ়ি জানি লওক

covid situation

গ্ৰাম্যাঞ্চলত ক'ৰ’না প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন ক’ভিড নিৰ্দেশনা। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই মঙলবাৰে  জাৰি কৰিছে নতুন নিৰ্দেশনাসমূহ।

নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা গ্রাম্যাঞ্চলত ১বজাৰ লগে লগে বন্ধ হ'ব সকলো ব্যৱসায়-দোকান-পোহাৰ।

ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয় সমূহ অতিথিৰ বাবে ১বজালৈ খুলিব পাৰিব। কিন্তু ২ বজাৰ পিছতো হোম ডেলিভাৰী চলাই থাকিব পাৰিব।

Notice

হোটেল-ৰিজৰ্টসমূহ বাহিৰৰ অতিথিৰ বাবে ১বজালৈ মুকলি ৰাখিব পাৰিব। কিন্তু ভিতৰৰ অতিথিৰ বাবে ১বজাৰ পিছতো খোৱাৰ ব্যৱস্থা চলি থাকিব।

চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় ১ বজাৰ লগে লগে বন্ধ হ’ব।

আবেলি ২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব।

আনহাতে নগৰাঞ্চলত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব। অহা ৫জুন পৰ্যন্ত কাৰ্যকৰী হ’ব নিৰ্দেশনাৱলী।

Your Comments