
ক'ৰ'না ভাইৰাছৰ বাবে স্থগিত ৰখা উচ্চ মাধ্যমিক-উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। পৰীক্ষা কোনো কাৰণত বাতিল নহয়। কেইদিনমানৰ ভিতৰতে দিন ঘোষণা হ’ব পৰীক্ষাৰ- জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। লগতে তেওঁ কয় যে চিবিএছচিৰ-ও পৰীক্ষা অনুষ্ঠিত হ’ব।
উল্লেখ্য যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হ’লে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি তেওঁ কয়।
গুৰুত্বপূৰ্ণ কথা যে, ক’ভিডৰ দ্ৰুত বৃদ্ধিৰ বাবে স্থগিত হৈ আছে পৰীক্ষাসমূহ। ছাত্ৰ -ছাত্ৰীৰ শৈক্ষিক বৰ্ষক্ষতি নোহোৱাকৈ শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছিল আছুৱে।
- Log in to post comments
- 25 views