গ্রাম্যাঞ্চলৰ বাবে নতুন নিয়ম : ২বজাৰপৰা সান্ধ্য আইন ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

Curfew in Assam

ক'ৰ’না প্ৰতিৰোধৰ বাবে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ বাবে পুনৰ নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

গ্রাম্যাঞ্চলত  ৬ বজাৰ পৰিৱৰ্তে সান্ধ্য আইন এতিয়াৰ পৰা কাৰ্যকৰী হ’ব বিয়লি ২বজাৰ পৰা। ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা।

উল্লেখ্য যে বৰ্তমান গ্রাম্য অঞ্চলত দুপৰীয়া ১বজালৈকে দোকান-পোহৰ খোলাৰ অনুমতি আছিল। সেই মতে সন্ধিয়া ৫ বজাৰ পৰা সান্ধ্য আইন  পুৱা ৫বজালৈ কাৰ্যকৰী হৈছিল।

আনহাতে চহৰ আৰু মহানগৰত দিনৰ ১২বজাৰ পৰা সান্ধ্য আইনৰ বৰ্তমান চলি থকা নিয়ম ৫জুনলৈ বাহাল থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে।

Your Comments