গৰাকীলৈ জাননী, গুৱাহাটীৰ পথত থকা পুৰণি বাহন ২৭মে’ৰ ভিতৰত আঁতৰ কৰক - গুৱাহাটী যান-বাহন আৰক্ষী

Pranjit Bora

গুৱাহাটী মহানগৰীত যান-জঁটৰ সমস্যা সমাধানৰ বাবে যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে বিশেষ নিৰ্দেশনা ।গুৱাহাটীৰ মূল আৰু উপ-পথত ৰখাই থোৱা পুৰণি অৰ্থাৎ পৰিত্যক্ত বাহন চলিত মাহৰ ২৭মে'ৰ ভিতৰত গৰাকীয়ে পথৰ পৰা আঁতৰাই নিব লাগিব।অন্যথা গৰাকীৰ বিৰুদ্ধে গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে গুৱাহাটী যান-বাহন শাখাৰ ডিচিপি প্রাণজিৎ বৰাই।

পানবজাৰ যান-বাহন আৰক্ষীৰ কাৰ্যালয়ত বৰাই কয়-গুৱাহাটীৰ পথসমূহ এশ শতাংশ ব্যৱহাৰৰ বাবে উচ্চস্তৰীয় আলোচনা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে ব্যৱহাৰ নোহোৱা বাহন সমূহ গৰাকীয়ে যদি ২৭মে’ৰ ভিতৰত আঁতৰাই নিনিয়ে ২৮মে'ৰ পৰা এনে বাহনৰ বিৰুদ্ধে আৰক্ষী অভিযান চলিব।২৭ মে'ৰ পিছত কোনো মূল বা উপপথত এনে গাড়ী দেখিলে যান-বাহন আৰক্ষীক অৱগত কৰিবলৈও আহ্বান জনায় বৰাই। তেওঁ কয়- সাধৰণ নাগৰিক সকলে এনে বাহনৰ বিৰুদ্ধে অভিযোগ স্থানীয় ট্ৰেফিক ভানত নতুবা সংবাদমাধ্যম আদিত অৱগত কৰিব।

ক’ভিড নিৰ্দেশনা প্ৰযোজ্য হোৱাৰ পিছত ৪মে'ৰপৰা ২২ মে’লৈকে গুৱাহাটীত যান-বাহন আৰক্ষীয়ে জৰিমনা সমগ্ৰ কৰিছে ১১৮৫টা কেচৰ বিৰুদ্ধে ১৪ লাখ ৮৪ হাজাৰ ৫০০টকা। ন'ন এফ.আই.আৰ গোচৰ ৰুজু হৈছে ৩২০০টা।প্ৰয়োজনীয় নথি-পত্ৰ নথকা ৪৩৯খন গাড়ী জব্দ কৰা বুলি বৰাই সংবাদমেলত জানিবলৈ দিয়ে।

যুগ্ম-অযুগ্ম নিয়ম প্ৰযোজ্য হোৱাত গুৱাহাটীৰ ৰাইজ সচেতন হৈছে।যাৰ বাবে জৰিমনাৰ পৰিমাণ হ্ৰাস পোৱা বুলি আৰক্ষী বিষয়া গৰাকীয়ে স্বীকাৰ কৰে।

Your Comments