দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত নিজ গৃহত উপস্থিত হ’লহি আলফাই অপহৰণ কৰা ৰিতুল শইকীয়া

Ritul saikia

২১ এপ্ৰিল তাৰিখে আলফাই লাকুৱা তৈল খাদৰ পৰা অপহৰণ কৰি নিছিল তিনিজন অ'এনজিচিৰ কৰ্মী ৷ তাৰে ভিতৰত অলকেশ শইকীয়া আৰু এম.এম. গগৈক ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাত উদ্ধাৰ কৰিছিল সেনাই ৷ ইমান দিনৰ উৎকণ্ঠাৰ অন্তত আজি ৰিতুল শইকীয়াক আলফাই মুকলি কৰি দিয়ে ৷ মুকলি কৰাৰ পিছতে আজি সন্ধিয়া ৭-৩০ বজাত যোৰহাটৰ বৰহোলাৰ নাঙল গাঁৱৰ নিজা বাসগৃহত আহি উপস্থিত হয় ৰিতুল।

Ritul saikia

উল্লেখ যোগ্য যে, আলফাই শুক্ৰবাৰে পুৱা নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ চংচা বস্তীত মুকলি কৰি দিয়াৰ পিছত আজি পুৱা ৭-১০ বজাত ৰিতুল শইকীয়া উপস্থিত হয় মন জিলাৰে লংভি নামৰ গাওঁখনত। তাৰপৰা ৰিতুলক আছাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে অসমলৈ অনাৰ ব্যৱস্থা কৰে। বহুদিনৰ অপেক্ষাৰ অন্তত ঘৰলৈ ৰিতুল শইকীয়া ঘৰলৈ ঘুৰাত গাওঁখনত সৃষ্টি হৈছে এক আনন্দ মুখৰ পৰিৱেশ ৷ গাঁৱবাসীয়ে তাল-খোল বজাই ৰিতুলক ঘৰলৈ আদৰি নিয়ে।

Ritul saikia's family

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আলফা (স্বা)ক আহ্বান জনোৱাৰ পিছতে অ’এনজিচি-ৰ অপহৃত কৰ্মচাৰীজনক মুকলি কৰাৰ কথা জানিবলৈ দিছিল আলফা(স্বা)নে ।

Your Comments