অপহৰণৰ এক মাহ হ’বলৈ দুটা দিন বাকী থকাৰ সময়তে আহিছে এক ভাল খবৰ। অ’.এন.জি.চি.ৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ পোৱা গৈছে সন্ধান।আলফা(স্বা)ৰ জিম্মাত নিৰাপদে-সুস্থ শৰীৰে আছে ৰিতুল । সংবাদ মাধ্যমক ফোনযোগে এই কথা জনালে আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই।কৰ্মচাৰী ৰিতুলৰ পত্নীক চিন্তা নকৰিবলৈও আহ্বান জনাইছে বৰুৱাই।
উল্লেখ্য যে ভাৰতীয় তিনিটাকৈ তৈল প্ৰতিষ্ঠানক আলফা(স্বা)এ দিয়া ৭টা দাবী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদিচ্ছা দেখুৱাইছে। পূৰ্বতে কোনো মুখ্যমন্ত্ৰীয়ে এই দৰে কোৱা নাছিল- বৰুৱাই কয়।
অ’এনজিচিৰ সৈতে আলোচনা মৰ্মে শীঘ্ৰে মুক্তি দিব বুলি জনাই কৰ্মচাৰী গৰাকীক।এই সন্দৰ্ভত তেওঁ কয়-'মুক্তি দিয়াটো এশ শতাংশ নিশ্চিত।ক’ভিড চলি আছে। কিছুমান ঠাইত লক্ডাউন চলি আছে।সকলো কথা চালি জাৰি চাই মুক্তি দিয়া হ’ব'।
'অসম আৰক্ষী, আসাম ৰাইফল, সেনা বাহিনীৰ মুৰব্বীসকলে অপহৃতক উদ্ধাৰ কৰিব পাৰিম বুলি চিঞৰি থকাৰ বাবে আলফা(স্বা)এ ইমান দিনে কোনো মন্তব্য কৰা নাছিল বুলি উল্লেখ কৰে বৰুৱাই।
উল্লেখ্য যোৱা ২১এপ্ৰিলত লাকুৱাৰ পৰা অপহৰণ কৰিছিল দুই সতীৰ্থ ক্ৰমে মোহিনী গগৈ আৰু অলকেশ শইকীয়াসহ ৰিতুলক।অপহৰণৰ দুদিন পিছতে নাগালেণ্ডৰ মন জিলাত দুই সতীৰ্থক উদ্ধাৰ কৰা হৈছিল যদিও ৰিতুল সন্ধানহীন হৈ আছিল।
ইফালে অপহৃত ৰিতুল শইকীয়াৰ বৰহোলাৰ নাঙল গাঁৱৰ ঘৰত মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল।মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰিয়ালক সাক্ষাৎ কৰি সু- শৰীৰে ৰিতুলক উভতাই আনিবলৈ চৰকাৰে প্ৰচেষ্টা চলাই আছে বুলি আশ্বাস প্ৰদান কৰিছিল।মুখ্যমন্ত্ৰী গৰাকীৰ আশ্বাসৰ কিছু মুহূৰ্তৰ পিছতে আলফা(স্বা)য়ে ৰিতুল তেওঁলোকৰ জিম্মাত থকা বুলি নিশ্চিতি প্ৰদান কৰিছে।
- Log in to post comments
- 30 views