কাৰাগাৰৰ পৰা অসম চৰকাৰলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিশেষ পত্ৰ। কাৰাবন্দী বিধায়ক গৰাকীয়ে ক’ভিড-১৯ প্ৰতিৰোধ সম্পৰ্কত অসম চৰকাৰক পত্ৰৰ জৰিয়তে জনাইছে আহ্বান।
গাঁৱে-ভূঁইয়ে, নগৰে-চহৰে শিবিৰ পাতি ৰেপিড এন্টিজেন টেষ্ট আৰু আৰটিপিচিআৰ-ৰ জৰিয়তে ক’ভিড টেষ্ট ব্যাপক হাৰত বৃদ্ধি কৰিব লাগে।অন্যথা সহজতে মহামাৰীৰপৰা উদ্ধাৰ হোৱা সম্ভৱ নহ’ব।
তিনিমাহৰ ভিতৰত অসমৰ ৩ কোটি ৩০লাখ নাগৰিকক ভেক্চিনৰ ব্যৱস্থা কৰিব লাগে আৰু বিনামূলীয়া, সহজলভ্য, সাৰ্বজনীন হ’ব লাগে ভেক্চিন।
ক’ভিড ভেক্চিন প্ৰদানৰ ক্ষেত্ৰত অসমক দেশৰ প্ৰথম ৰাজ্য কৰক।তেতিয়াহে নতুন মুখ্যমন্ত্ৰীক যোগ্য দক্ষ বুলি ক’ব পৰা যাব- কাৰাবন্দী বিধায়ক গৰাকীয়ে কয়।
প্ৰতিগৰাকী ক’ভিড ৰোগীক চিকিৎসাৰ সময়ত আৰু ক’ভিড ৰোগৰ পৰৱৰ্তী সময়ত মানসিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসা বিভাগক শাৰীৰিক আৰু মানসিক চিকিৎসা দুটা বিভাগত বিভক্ত কৰক।
ইফালে ক’ভিড নিয়ন্ত্ৰণৰ নামত আৰক্ষী প্ৰশাসনে জনতাক মাৰ- ধৰ কৰা প্ৰসংগত গগৈয়ে কয়- পুলিচ প্ৰশাসনে মাৰ-পিত নহয়, গণ সজাগতা গঢ়ি তোলক।'ডাঙৰ মানুহ' আৰু 'ৰাইজ'ক সমান ব্যৱহাৰ কৰিব লাগে।
সান্ধ্য আইন, লক্ডাউনত ক্ষতিগ্ৰস্ত প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালক অতিৰিক্ত ভাৱে ৰেচন যোগান ধৰিব লাগে। ইয়াৰ উপৰিও নিয়মীয়া দৰমহা নোপোৱা প্ৰতিটো পৰিয়ালক ৪-৫ মাহৰ বাবে ৫০০০ টকাকৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। লগতে ব্যৱসায়ী, উদ্যোগ প্ৰতিষ্ঠানক ক্ষতি অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰো আহ্বান জনাই বিধায়ক গগৈয়ে।
আনহাতে ৰাইজক আহ্বান জনাই কয়- ক'ৰ’নাৰ সামান্য লক্ষণ ফুটি উঠাৰ লগে লগেই অৱহেলা নকৰি চিকিৎসালয়লৈ যাওক। চিকিৎসালয় যোৱা পলম হ’লে চিকিৎসকে বচাব নোৱাৰিব'।
উল্লেখ্য যে ৰাজ্যত শেহতীয়া ভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডে।দৈনিক গড়ে পাঁচ হাজাৰৰো অধিক আক্রান্ত হৈছে ক’ভিডত।
- Log in to post comments
- 48 views