মুখ্য সচিবৰ যোগেদি মুখ্যমন্ত্ৰীলৈ ১২ দফীয়া স্মাৰকপত্ৰ এজেপিৰ, কি আছে পঢ়ি জানি লওঁক

AJP's memorandum

*পঞ্চায়ত পৰ্যায়ত ক'ভিড কেয়াৰ আৰু পৰ্যবেক্ষণ কেন্দ্ৰ স্থাপনৰ দাবী জাতীয় পৰিষদৰ*

 

 

অসমৰ ক'ভিড পৰিস্থিতি মোকাবিলা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ তথা জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰাইজে ভোগ কৰি অহা সমস্যা লাঘৱ কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কিছু পৰামৰ্শ সম্বলিত এখন স্মাৰকপত্ৰ শনিবাৰে অসম জাতীয় পৰিষদে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।১২দফীয়া দাবী সম্বলিত পত্ৰখন মুখ্য সচিব জিষ্ণু বৰুৱাৰ যোগেদি প্ৰেৰণ কৰে জাতীয় পৰিষদৰ নেতৃত্বই।

পত্ৰখনত সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়- ক’ভিড নিয়ন্ত্ৰণৰ হকে চৰকাৰে আৰোপ কৰা জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰাইজে সন্মুখীন হৈ অহা সমস্যাসমূহ দূৰ কৰাৰ বাবে চৰকাৰে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰা উচিত৷

দলৰ উপ-সভাপতি চমছেৰ সিং আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে মুখ্য সচিবৰ হাতত অৰ্পণ কৰা পত্ৰখনত চৰকাৰলৈ ১২টা পৰামৰ্শ আগবঢ়োৱা হৈছে৷ 

সেই অনুসৰি বিনামূলীয়া গণ টিকাকৰণ, টিকাকৰণৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত বৰ্তমানৰ অন্‌লাইন ব্যৱস্থাৰ সলনি পঞ্চায়ত বা পৌৰ কৰ্মকৰ্তা, স্বাস্থ্যকৰ্মীৰ জৰিয়তে অফ্‌লাইন পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগে।

গাঁও পঞ্চায়ত বা ৱাৰ্ড পৰ্যায়ত ক’ভিড কেয়াৰ আৰু মণিটৰিং চেন্টাৰ' স্থাপন, দৰৱ আৰু খাদ্য সামগ্ৰীৰ 'হোম ডেলিভাৰী'ৰ ব্যৱস্থা কৰাৰ লগতে ব্যক্তিগত চিকিৎসালয় সমূহত ক’ভিড চিকিৎসাৰ ক্ষেত্ৰত হোৱা অত্যাধিক মূল্য নিয়ন্ত্ৰণ কৰা আৰু অক্সিজেন, এম্বুলেন্স সেৱা সহজলভ্য আৰু সাৰ্বজনীন কৰাৰ দাবী জনায়।

ইয়াৰ উপৰিও দৰিদ্ৰ তথা শ্ৰমিক শ্ৰেণীৰ লোকৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনায় দলটোৱে।

ক’ভিড পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰি গাঁও স্তৰলৈ লৈ যাব লাগে।শিশু আৰু বৃদ্ধ লোকৰ স্বাস্থ্যৰ প্ৰতি অধিক ধ্যান দিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও সম্ভাব্য সংকটকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ সাজু থকাৰ স্বাৰ্থত চৰকাৰী আৰু অৰ্দ্ধ চৰকাৰী খণ্ডত ব্যয় সংকোচন ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়ে নৱগঠিত আঞ্চলিক দলটোৱে।

 মন্ত্ৰী-বিধায়ক-সাংসদ তথা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলক গ্ৰাম্যাঞ্চলৰ হকে আৰ্থিক সাহায্য দিবলৈ উৎসাহিত কৰা আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ উপযুক্ত ব্যৱস্থা কৰি দিয়াৰো পৰামৰ্শ প্ৰদান কৰে।

উল্লেখ যোগ্য যে এজেপিৰ দলীয়সমৰ্থক সকলক ক’ভিড প্ৰট’কল মানি প্ৰথমশাৰীৰ ক’ভিড যোদ্ধা হিচাপে ৰাইজক সেৱা আগবঢ়াবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। সেই মৰ্মে ৰাজ্যজুৰি জাতীয় পৰিষদে সেৱাৰ কাম আৰম্ভ কৰা বুলিও সভাপতি-সম্পাদকে জানিবলৈ দিয়ে।

Your Comments