অসমৰ নগাঁৱত পোৱা গ’ল ১৮টা হাতীৰ মৃতদেহ, মৃত্যুৰ কাৰণ এতিয়াও আন্ধাৰত

Elephants died in Nagaon

এটা দুটা নহয়, ১৮টা হাতীৰ মৃতদেহ পোৱা গ’ল অসমৰ নগাঁও জিলাৰ এক পার্বত্য অঞ্চলত। বৃহস্পতিবাৰে সকলোবোৰ হাতীৰ মৃতদেহৰ সন্ধান পায় বনকর্মীসকলে। প্রাথমিক তদন্তত অনুমান কৰা হৈছে, বজ্রপাতৰ ফলত মৃত্যু হৈছে হাতী কেইটাৰ।

অসমৰ বন বিভাগৰ প্ৰাধিকাৰী অমিত সহায়ে সংবাদমাধ্যমক জনাইছে, বুধবাৰে কুণ্ডলী সংৰক্ষিত বনাঞ্চল এলেকাত এই ঘটনা ঘটে। এলেকাটো অত্যন্ত দুর্গম। বন বিভাগৰ কর্মীসকল বৃহস্পতিবাৰে সেই স্থানত উপস্থিত হৈ প্ৰত্যক্ষ কৰে এটা টিলাৰ ওপৰত পৰি আছে ১৪টি হাতীৰ মৃতদেহ । আনহাতে, তলত পৰি আছিল ৪টা দেহ।

ৰাজ্যত হাতীৰ মৃত্যুৰ ঘটনা সম্পর্কে খা-খবৰ লৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।  বনমন্ত্রী পৰিমল শুক্ল বদ্যক ঘটনাস্থলীলৈ যোৱাৰ নির্দেশো দিছে। 

Your Comments