নতুন চৰকাৰৰ শপত গ্ৰহণৰ ২৪ঘণ্টা নৌহওঁতেই জাগুনত ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণ: ১২বছৰীয়া কিশোৰ নিহত

Grenade blust

তিনিচুকীয়াৰ জাগুনত গ্ৰেণেড বিস্ফোৰণ। বিস্ফোৰণত নিহত হ’ল ১২বছৰীয়া কিশোৰ। কিশোৰটিৰ নাম সুৰজ হাজং। নিহত কিশোৰ জনৰ ঘৰ জাগুন হাজং গাঁও বুলি জানিব পৰা গৈছে।

মঙলবাৰে পুৱা প্ৰায় ৮.৩০ বজাত জাগুনৰ কথাকাঠনিত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটো।

উল্লেখ্য যে প্ৰাথমিক খবৰ অনুসৰি বুঢ়ীদিহিং নদীৰ পাৰত গ্ৰেণেডটো পৰি আছিল। চাইকেল চলাই সেই পথেৰে গৈ থকা অৱস্থাত সুৰজে পৰি থকা গ্ৰেণেডটো প্ৰত্যক্ষ কৰি কি পৰি আছে বুলি চাওঁতে বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে গ্ৰেণেডটো কোনে কি কাৰণত ৰাখিছিল বৰ্তমানলৈকে পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

গুৰুত্বপূৰ্ণ কথা সোমবাৰে ৰাজ্যত গঠন হৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ ৷ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ৰাজ্যৰ উগ্ৰপন্থী সংগঠন বিশেষকৈ আলফা(স্বা)ক শান্তি আলোচনাৰ বাবে আহ্বান জনাইছিল।

Your Comments