আলফা(স্বা)ক আহ্বান জনাই নতুন চৰকাৰে কি কি কাম কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা,পঢ়ক

Dr.HBS

*মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম সংবাদমেলৰ ঘোষণাসমূহ সবিশেষ পঢ়ক*

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সোমবাৰে গঠিত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব মঙলবাৰে।প্ৰথমখন কেবিনেট বৈঠকত ক'ভিড পৰিস্থিতি সন্দৰ্ভত হব বিশদ আলোচনা,ৰণকৌশল-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিয়েই আয়োজিত প্ৰথমখন সংবাদমেলত  এই কথা জনালে ডঃ হিমন্ত বিশ্ব শৰ্মাই।চৰকাৰ গঠন কৰিয়েই শৰ্মাই অসমবাসীৰ আশীৰ্বাদ বিচাৰে।

মুখ্যমন্ত্ৰী হিচাপে আয়োজিত প্ৰথম সংবাদমেলত তেওঁ কয়-"নির্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ বাবে চৰকাৰ বদ্ধপৰিকৰ।ৰাজ্য ১লাখ নিবনুৱা কর্মসংস্থাপন,অৰুণোদয় আঁচনিৰ নতুন যাত্ৰা প্ৰদান কৰাৰ লগতে মাইক্ৰ'ফাইনেন্স ঋণৰ পৰা মুক্ত আদি প্ৰতিশ্ৰুতিসমূহ নিৰ্ধাৰিত সময়মা ভিতৰত পূৰণৰ ব্যৱস্থা কৰা হ'ব।বানমুক্ত আৰু সন্ত্ৰাসবাদমুক্ত অসম গঢ়াৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰাৰ কথাও তেওঁ লগতে কয়।

যোৱা পাঁচ বছৰত অসমবাসীয়ে শান্তি-প্ৰগতি-বিকাশৰ সপোন দেখিছে।বড়োভূমি-কাৰ্বি পাহাৰত শান্তি প্ৰতিষ্ঠাৰ প্ৰসংগ উত্থাপন কৰি অসমত বাকী ৰৈ যোৱা অন্য সশস্ত্ৰ সংগঠনক আলোচনাৰ মাজলৈ অহাৰ আহ্বান জনায়।বিশেষকৈ আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাক আহ্বান জনাই কয়-"হিংসাৰ পথ ত্যাগ কৰি আলোচনালৈ আহক।স্থায়ী শান্তিৰ বাবে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰক।অপহৰণ,হত্যা-হিংসাৰে সমস্যা সমাধান নহয়,জটিল কৰে।"

ৰাইজে "প্ৰ'একটিভ গভর্নমেণ্ট" পাব।যি সময়তে বিচাৰে সেই সময়তে চৰকাৰক কাষত পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়- "চৰকাৰৰ প্ৰথম কাম ক'ভিড নিয়ন্ত্ৰণ কৰা।প্ৰত্যাহ্বান আছে,তাৰ মাজেৰে কাম কৰিম সফল হ'ম।"

যোৱা পাঁচ বছৰত ৰাজকোষ উদং কৰা বুলি সোণোৱাল চৰকাৰক বিভিন্ন বিৰোধী পক্ষই সমালোচনা কৰি অহা বিষয়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়-"অসমৰ অৰ্থনৈতিক দিশ ভাল পৰ্যায়ত আছে।উন্নয়ন আৰু বিকাশৰ কামত আগবাঢ়ি যাব পাৰিম।৭ হাজাৰ কোটি টকা ৰাজকোষত আছে।"

Your Comments