মহামাৰী শেষ হ’বলৈ এতিয়াও বহু সময় বাকী, জনালে WHO-য়ে

Covid pandemic

ক’ভিড-১৯ ক্রমশঃ নিয়ন্ত্রণৰ ভিতৰলৈ আহিছে বুলি যি ধাৰণা কৰা হৈছিল, দেখা গৈছে পৰিস্থিতি তেনে নহয়। পৃথিৱী জুৰি বহু দেশত ক’ভিড-পৰিস্থিতি যথেষ্ট বেয়া হৈ পৰিছে। ঠিক এই সময়তেই WHO-এ জানিবলৈ দিলে, মহামাৰী শেষ হ’বলৈ এতিয়াও বহু সময় বাকী।

WHO-ৰ প্রধান টেড্ৰ’ছ এধানম ঘেব্ৰেয়েছাছে কৈছে, মহামাৰীক ইমান সোনকালে নিঃশেষ কৰিব পৰা নাযাব। বিশ্ব জুৰি ৭৮০ মিলিয়নৰো অধিক টিকাকৰণ হৈ গ’লেও সংক্রমিতৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি উদ্বেগ প্রকাশ কৰিছে WHO-এ।

WHO ৰ তৰফৰপৰা জনোৱা হৈছে, এছিয়া আৰু মধ্যপ্রাচ্যৰ বিভিন্ন দেশত ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে। জেনেভাত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি টেড্ৰ’ছ এধানম ঘেব্ৰেয়েছাছে কৈছে- বিশ্ব জুৰি ক্ৰমশঃ ৭ সপ্তাহ ধৰি বৃদ্ধি পাইছে ক’ৰ’নাভাইৰাছৰ সংক্রমণ। ক্ৰমশঃ ৪ সপ্তাহ ধৰি বৃদ্ধি পাইছে ক’ভিডৰ কাৰণে মৃত্যুৰ সংখ্যাও। সেয়ে সচেতন হোৱা জৰুৰী।
 
বিশ্ব স্বাস্থ্য সংস্থা (WHO)এ জনালে, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বিশ্ব জুৰি ক্ৰমশঃ ৬ সপ্তাহ ধৰি ক’ৰ’না ভাইৰাছত আক্রান্ত হোৱাৰ সংখ্যা কমিছিল ৷ কিন্তু যোৱা ৭ সপ্তাহ ধৰি দেখা গৈছে ইয়াৰ ওলোটা দৃশ্য। সেয়ে টিকা গ্ৰহণৰ লজতে এতিয়াও মাস্ক ব্যৱহাৰ কৰিব লাগিব, চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। এইসমূহ অতি গুৰুত্বপূৰ্ণ বিষয় ৷

Your Comments