আজি মুকলি হ’ল নলবাৰী মেডিকেল কলেজ : ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

নটৰাজ

নিউজ ডেস্ক:

আজি ১৪ এপ্ৰিল অৰ্থাৎ গৰু বিহুৰ দিনটোতে বহু প্ৰত্যাশিত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷প্ৰধানমন্ত্ৰীয়ে নিজ হাতে অসম ভ্ৰমণৰ দিনটোতে চাংসাৰিৰ AIIMS ৰ পৰা ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিলে বহু প্ৰত্যাশিত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন। 
সভাৰ আৰম্ভনিতে উপস্হিত সকলোলৈ সম্ভাষণ জনাই ভাষন প্ৰদান কৰে এন এম চিৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মাই।
ইয়াৰ পিচতে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে সকলো ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
উদ্বোধন হোৱা গৌৰৱময় সময়ত চাংসাৰিত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল‍্যাণ মন্ত্ৰী মনসুখ এল মান্দাবিয়া,অসমৰ স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্ত।

উল্লেখ্য যে ২০১৯ চনৰ ২৭ জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দক্ষিণ গাওঁত ১৩২ বিঘা ভূমিত শিলান্যাস কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ে ১৪ এপ্ৰিলৰ দিনটোতে লাভ কৰে পূৰ্ণতা৷বৰ্তমানলৈ প্ৰায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা নলবাৰী চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে যোৱা ১৫ মাৰ্চত ৰাষ্ট্ৰীয় আয়ু বিজ্ঞান আয়োগৰ পৰা লাভ কৰিছে মেডিকেল কলেজৰ স্বীকৃতি৷যত প্ৰথম পৰ্যায়ত ১০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব অধ্যয়ন৷আনহাতে,উক্ত দিনটোতে প্ৰধানমন্ত্ৰী মোডীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও নগাঁও আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় দুখনৰো কৰিলে শুভ উদ্বোধন৷

Your Comments