অতি কম পৰিৱৰ্তনৰ মাধ্যমেৰে মানৱ দেহত কৰ’না বাদুলীৰপৰাই

Corona from bat

বাদুলীৰপৰাই মানৱ দেহলৈ বেয়পিছে নকি কৰ’না? বহু বিতর্ক হৈছে বিষয়টোক লৈ। বিজ্ঞানীৰ এটা দলে কৈছে যে ধাৰণাটো সত্য নহয়। অন্য এটা দলে অৱশ্যে উৰাই দিয়া নাই বিষয়টো ৷ গৱেষণা কৰিছে এই সন্দৰ্ভত। 

Coronavirus

সেই গৱেষণাৰ ফলশ্রুতিত সন্মুখলৈ আহিল পিএলঅ’এছ বায়’লজি গৱেষণা পত্রিকাৰ এটা ৰিপোর্ট ৷ সেই ৰিপোৰ্টত দাবী কৰা হৈছে, কৰ’না সংক্রমণ আৰম্ভ হোৱাৰ প্রথম ১১ মাহৰ ভিতৰতে মানৱ শৰীৰত যি ভাইৰাছ পোৱা গৈছে, সেইসমূহ পৰীক্ষা কৰি দেখা গৈছে, তাত জিনগত পৰিৱৰ্তন (important genetic change) সামান্যহে হৈছে। 

Bat

এই কথা প্ৰত্যক্ষ কৰি বিজ্ঞানীসকলে কৈছে, কোনো নতুন শৰীৰত ভাইৰাছ সোমালে তাত খাপ খাই পৰিবলৈ কিছু সময় লাগে। কৰ’নাৰ দৰে শক্তি অর্জন কৰিবলৈ সময় অলপ বেছিয়েই লাগে। কিছুমান ভাইৰাছ সিমান শক্তিশালী হৈ উঠিবও নোৱাৰে। ফলত, হয় ভাইৰাছটোৱে কার্যক্ষমতা হেৰুৱাই পেলাই, অথবা ই স্থানীয় স্তৰত সামান্য  সংক্রমণ ঘটায়। 

Coronavirus

কিন্তু ক’ৰ পৰা কৰ’না ভাইৰাছৰ উদ্ভৱ হ’ল সেয়া ব্যাখ্যা কৰিবলৈ গৈ বিজ্ঞানীসকলে জনালে, মানৱ শৰীৰত সংক্রমণৰ আগত সম্ভৱতঃ বাদুলীৰ শৰীৰতেই কৰ’না ভাইৰাছৰ কিছু পৰিৱৰ্তন ঘটিছিল। সেই বাবে ভাইৰাছটোৱে তৎক্ষণাত মানৱ শৰীৰত সংক্রমণৰ শক্তি অর্জন কৰে আৰু তাৰ ফলতেই বিশ্বব্যাপী এই ক’ভিড-১৯ মহামাৰী।

Bat

Your Comments