নতুন বছৰত অসমৰ বাবে বহু আশাৰ বতৰা কঢ়িৱাইছে লামডিঙৰ জয় চক্ৰৱৰ্তীয়ে

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নতুন বছৰত অসমৰ বাবে আশাৰ বতৰা কঢ়িৱাইছে জিটিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' স্বাৰেগামাপা খ্যাত জয় চক্ৰৱৰ্তীয়ে। 'লামডিং পৰিৱেশ' আৰু 'ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক ট্ৰাষ্ট'ৰ জড়িয়তে শিল্পীগৰাকীয়ে লামডিঙৰ লগতে হোজাই আৰু নগাঁও জিলাৰ যুৱপ্ৰজন্মৰ বাবে কঢ়িয়াই আনিছে বহু আশাৰ বতৰা। ইতিমধ্যে শিল্পীগৰাকীৰ উদ্যোগত হোজাই জিলাৰ যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্ৰদান কৰা হৈছে মীনপালনৰ প্ৰশিক্ষণ। লগতে আৰ্থিকভাৱে দুৰ্বল যুৱপ্ৰজন্মক চৰকাৰী ঋণৰ সুবিধা দিয়াৰ বাবেও মীন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত আলোচনাত মিলিত হৈছে। শিল্পীগৰাকীয়ে লামডিঙৰ পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ বাবে এই সংস্থাকেইটিৰ জড়িয়তে বিনামূলীয়াকৈ চকুৰ চিকিৎসাৰ ব্যৱস্থাও কৰিছে। নতুন বছৰটিত জয় চক্ৰৱৰ্তীয়ে লামডিঙৰ শিক্ষিত নিবনুৱাসকলৰ সংস্থাপনৰ বাবে লামডিঙতে কেইবাটাও বহুজাতিক কোম্পানীৰ কেম্পাছ ইণ্টাৰভিউৰ ব্যৱস্থা কৰিছে। আনহাতে, নাৰী সবলীকৰণৰ বাবে অহা ৯ আৰু ১০ জানুৱাৰীত লামডিঙৰ যুৱতী-মহিলাক আত্মৰক্ষাৰ প্ৰশিক্ষণৰ বাবে এটা দুদিনীয়া কৰ্মশালাৰো আয়োজন কৰিছে।

উল্লেখযোগ্য যে বলীউডত বৰ্তমান এগৰাকী সংগীত পৰিচালক হিচাপে খ্যাতি লাভ কৰা জয় চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা জনপ্ৰিয় হিন্দী ছবি "চেয়' নি" ত কণ্ঠদান কৰিছে অৰিজিৎ সিং, ৰাহত ফাতেহ আলী খান আদি বহু জনপ্ৰিয় গায়কে। ইতিমধ্যে পাকিস্তানী বেণ্ড জুনুনৰ জনপ্ৰিয় গীত চেয়' নিৰ ৰিমেক কৰিছে জয় চক্ৰৱৰ্তীয়ে,যিটো গীতত কণ্ঠ নিগৰাইছে অৰিজিৎ সিঙে। গীতটিয়ে ২০২০বৰ্ষৰ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিবলৈকো সক্ষম হৈছে।

নগাঁৱত সাংবাদিকৰ সৈতে হোৱা অন্তৰংগ আলাপত শিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে ২০২১ৰ প্ৰথম ভাগতে তেওঁ বলীউডৰ তিনিখন বিগ বাজেটৰ ছবিত সংগীত সজাবলৈ চুক্তিবদ্ধ হৈছে।

Your Comments