প্ৰকৃতিপ্ৰেমীক হাতবাউলি মাতে মনোৰম চানডুবিয়ে

Pic

*শীতৰ আলহী পক্ষীৰ কলৰৱত মুখৰিত চিৰসেউজীয়া পৰিৱেশ*

#নুৰুল ইছলাম,চানডুবি:

শীতৰ আগমনৰ লগে লগেই জাক জাক আলহী পক্ষীৰ সুমধুৰ কলৰৱত মুখৰিত হৈ পৰিছে ঐতিহাসিক চানডুবিৰ চিৰসেউজ পৰিৱেশ ৷ ৰাজ্যৰ প্ৰধান বিল তথা উল্লেখণীয় পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম প্ৰকৃতিৰ অকপট দান এই বিলখন ১৮৯৭ চনৰ প্ৰৱল ভুইকঁপৰ ফলত সৃষ্টি হৈছিল ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত বিলখনৰ অনুপম জৈৱ বৈচিত্ৰ্যৰ স্বকীয়তা বাৰুকৈয়ে মনকৰিবলগীয়া ৷ কিয়নো পাহাৰৰ আবেস্তনীৰ মাজত অৱস্থিত অগভীৰ বিলখনৰ জলভাগত সাধাৰণ মাছ কাছৰ উপৰি অনেক দুষ্প্ৰাপ্য প্ৰজাতিৰ জলজ প্ৰানী আৰু কীটপতংগৰ বসতিস্থল ৷ তদুপৰি বিলখনৰ পাৰৰ চিৰ সেউজীয়া অৰণ্যৰ বুকুতো বিভিন্ন সৰীসৃপকে ধৰি অনেক বনৰীয়া জীৱজন্তুই মুক্ত বিচৰণ কৰে ৷ ঠিক তেনেদৰেই অনেক ৰংবিৰঙৰ বনবিহগীৰ সুমধুৰ কলৰৱৰে মুখৰিত হৈ পৰা বিলখনৰ পাৰৰ সেউজ উপত্যকালৈ শীতৰ আগমনৰ লগে লগেই মনোৰম ক্ষেত্ৰখনৰ জৈৱ বৈচিত্ৰ্যৰ বৰ্ণিল নৈসৰ্গিক শোভা উপভোগৰ বাবে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ উপৰি ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ আগমন ঘটে ৷ ঠিক তেনেদৰে এইবেলিও ধৰাৰ বুকুলৈ শীতৰ পৰশ নামি অহাৰ লগে লগেই ক্ষেত্ৰ খনলৈ আৰম্ভ হৈছে প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ স্ৰোত ৷ ইফাল,২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিলখনৰ সেউজ উপত্যকাত চানডুবি উৎসৱ উদযাপনৰ বাবেও ব্যাপক প্ৰস্তুতি চলিছে ৷ উল্লেখ্য যে -প্ৰকৃতিপদত্ত ক্ষেত্ৰখনৰ উচিত সংৰক্ষণৰ জৰিয়তে এক উল্লেখণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰি অহা উক্ত উৎসৱত গ্ৰাম্য চহা জীৱনৰ অনবদ্য বৰ্ণিল জীৱন প্ৰণালী,খাদ্যভাস তথা থলুৱা পৰম্পৰাগত খেলধেমালিৰ উপৰি অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত বৰ্ণময় লোককৃষ্টিৰ সমাহাৰ ঘটে ৷ বিশেষকৈ এইবেলিও উৎসৱৰ বাৰেৰহণীয়া কাৰ্যসূচীত পূৰ্বৰ দৰেই দৃষ্টিনন্দন লোককৃষ্টি,থলুৱা জাতীয় পৰম্পৰাৰ লগতে বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা জীৱবিজ্ঞানী, পৰিৱেশবিদৰ উপস্থিতিত বিভিন্ন পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় সজাগতামূলক আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা হ’ব ৷ গতিকে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টিৰ প্ৰয়াসেৰে আয়োজিত উৎসৱটিৰ ইতিবাচক যাত্ৰাত সকলোকে সহযোগিতা আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনাইছে উৎসৱ উদযাপন সমিতিয়ে ৷

Your Comments