"বিষ্ণুপ্রিয়া মণিপুৰী উন্নয়ন পৰিষদত অন্তৰ্ভুক্ত হোৱা সমাজৰ পৰা বহিষ্কৃত লোকৰ নাম কৰ্তন কৰিব লাগে"

Pic

বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদৰ বাবে শেহতীয়াভাৱে প্ৰকাশ পোৱা তালিকাত অন্তৰ্ভুক্ত হৈছে সমাজৰ পৰা বহিষ্কাৰ হোৱা একাংশৰ নাম।যোৱা ৩ ডিচেম্বৰত প্ৰকাশ পোৱা সদস্যৰ তালিকাত সমাজৰ পৰা বহিষ্কাৰ হোৱা ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱাত ক্ষোভ প্ৰকাশ কৰিছে বিষ্ণুপ্রিয়া মণিপুৰী ছাত্ৰ সন্থাই। ইতিমধ্যে সমাজৰ পৰা বহিষ্কাৰ হোৱা লোকসকলৰ নাম কৰ্তন কৰাৰ বাবে বৰাকত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ।কাছাৰ, শিলচৰ, সোনাই ধলাই,হাইলাকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সংগঠনে সমাজৰ পৰা বহিষ্কৃত তথা সমাজৰ উন্নয়নমূলক কামত কোনো অৱদান নথকা ব্যক্তিকেইজনৰ নাম বিষ্ণুপ্ৰীয়া মণিপুৰী উন্নয়ন পৰিষদৰ পৰা বহিষ্কাৰৰ দাবী তুলি WPTC আৰু মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। গণ সংগ্রাম পৰিষদৰ সাধাৰণ সম্পাদক বিজু সিংহাই জানিবলৈ দিয়া অনুসৰি চৰকাৰে নাম অন্তৰ্ভুক্ত কৰা ব্যক্তিসকল হৈছে- সমৰজিৎ সিনহা, চিবো মিশ্ৰ, বাইচি আনে, বিমছে সিনহা। উল্লেখ যে তেওঁলোকৰ দাবী শীঘ্ৰে এই সমাজৰ পৰা বহিষ্কৃতক বিষ্ণুপ্ৰীয়া মণিপুৰী উন্নয়ন পৰিষদৰ পৰা বহিষ্কাৰ কৰিব লাগে।তাৰ স্থানত বিষ্ণুপ্ৰিয়া মণিপুৰি ছাত্ৰ সংগঠন আৰু গণ সংগ্ৰাম পৰিষদৰ লোকসকলক সদস্য অন্তৰ্ভুক্ত কৰিব লাগে।

Your Comments