দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১২ নৱেম্বৰ:
*ৰাজনীতি আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যোৱাৰ সংকল্প 'আছু'ৰ মুখ্য উপদেষ্টাগৰাকীৰ*
সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ দায়িত্ব এৰিব ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।'আছু'ৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্য্যই ছাত্ৰ সংগঠনটোৰ মজিয়া এৰিব বুলি চৰ্চিত হৈ অহাৰ পাছত বৃহস্পতিবাৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ত সেৱা লৈ ছাত্ৰনেতাজনে সংবাদমাধ্যমৰ আগত এই কথা অৱগত কৰে।অৱশ্যে 'আছু'ৰ দায়িত্ব এৰিলেও তেওঁ প্ৰত্যক্ষ ৰাজনীতিত জড়িত হোৱাৰ কথা অস্বীকাৰ কৰে।আছুৰ উদ্যোগত ইতিমধ্যে অসম জাতীয় পৰিষদ (এজে পি) নামৰ এক নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰাৰে পৰা শীৰ্ষ ছাত্ৰনেতাজনে মৌনতা অৱলম্বন কৰা ঘটনা সমগ্ৰ ৰাজ্যবাসীৰ বাবে লক্ষণীয় হৈ পৰাৰ লগতে ৰাজনৈতিক ক্ষেত্রত ডঃ ভট্টাচাৰ্য্যৰ ভূমিকাক লৈ ৰাইজৰ মাজত উৎকণ্ঠা চলি আহিছিল।উল্লেখ্য যে আজি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিকৰিয়াৰ ৰাইজৰ সহযোগত শ্ৰীশ্ৰী বাসুদেৱ হাইস্কুল প্ৰাংগণত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিংশতিতম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়।এই উপলক্ষে আজি শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ত উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্য।ডঃ ভট্টাচাৰ্যৰ লগতে আছু সভাপতি দীপাংক নাথো উপস্থিত থাকে।
- Log in to post comments
- 27 views