বিশ্বকৰ্মা পূজাৰ পূৰ্বে এপ'ল কৰ্মচাৰীৰ দৰমহা আদায়ৰ দাবী

বিশ্বকৰ্মা পূজাৰ পূৰ্বে এপ'ল কৰ্মচাৰীৰ দৰমহা আদায়ৰ দাবী

বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ সমবায় খণ্ডৰ এক অগ্ৰণী প্ৰতিষ্ঠান এপ'ল এতিয়া সম্পূৰ্ণ মৃতপ্ৰায় এক প্ৰতিষ্ঠানলৈ পৰিণত হৈছে । ২০১৬ চনৰ ডিচেম্বৰ মাহৰ পৰা বৰ্তমানলৈ বন্ধ হৈ থকা এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে ।

অসম চৰকাৰে যোৱা ৭ মাৰ্চত কেবিনেট বৈঠকৰ জৰিয়তে ১০.১১ কোটি টকা মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ৫ মাহ অতিক্ৰম কৰাৰ পিছতো এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে ধনৰাশি লাভ নকৰাত ৰঙিয়াত ক্ষোভৰ উদ্গীৰণ ঘটিছে ।

এটা সময়ত দুই হাজাৰোধিক শ্ৰমিক-কৰ্মচাৰী, কাপোৰৰ ক্ৰেতা-বিক্ৰেতাৰে ৰজনজনাই থকা এপ'ল চৌহদ এতিয়া সম্পূৰ্ণ এৰাবাৰী । এপ'ল মিলৰ ভিতৰত থকা বৃহৎ গৃহসমূহ এতিয়া গছ-লতিকাই সম্পূৰ্ণৰূপে আৱৰি একো-একোটা ভূত বাংলোলৈ পৰ্যৱসিত কৰিছে ।

ৰাজ্য চৰকাৰে মিলটো পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত মিলৰ শ্ৰমিকসকল আনন্দত মতলীয়া হৈছিল । এপ'ল মিলটো পুনৰুজ্জীৱিত কৰাৰ বাবে এপ'ল মিল শ্ৰমিক সন্থাৰ উপৰি আছুকে ধৰি বিভিন্ন দল-সংগঠনে বিগত সময়ত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ।

ৰাজ্য চৰকাৰে কেবিনেটত অনুমোদন লোৱাৰ পিছতো ধনৰাশি মুকলি কৰি নিদিয়াৰ ফলত ২২ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা কিছুসংখ্যক কৰ্মচাৰীয়ে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । 

আজি এপ'ল শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক দুৰ্গাৰাম হালৈয়ে প্ৰেছ বিবৃতিযোগে বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক সকীয়নি প্ৰদান কৰি কয় যে ৰাজ্য চৰকাৰে কেবিনেটত অনুমোদন দিয়া ১০-১১ কোটি টকা ৫ মাহ হৈ যোৱাৰ পিছতো বিত্ত বিভাগে মোকলাই নিদিয়াত কি ৰহস্য লুকাই আছে বুলি প্ৰশ্ন কৰে ।

চৰকাৰে ধনৰাশিৰ এক কোটি টকা মোকলাই দিছিল যদিও মিল কৰ্তৃপক্ষই এই ধনখিনি মিলটোৰ কেঁচামাল যোগানকাৰী শেঠীয়া এণ্টাৰপ্ৰাইজক বকেয়া আদায় দিয়ে । মিলটোৰ সঞ্চালকমণ্ডলীৰ সভাৰ সিদ্ধান্ত অনুসৰি এপ'লৰ বকেয়া বিদ্যুত বিল, শেঠীয়া এণ্টাৰপ্ৰাইজৰ বকেয়া আৰু এপ'ল কৰ্মচাৰীসকলৰ বাবে এক মাহৰ দৰমহা এই

তিনিটা শিতানত দিয়াৰ বাবে চৰকাৰৰ ছয়জনীয়া সমিতিক প্ৰতিবেদন জমা দিয়া হৈছিল যদিও অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবজনে শেঠীয়া এণ্টাৰপ্ৰাইজৰ বকেয়া আদায় দিয়াৰ বাবে জোৰ দিয়ে ।

মিল কৰ্তৃপক্ষই সচিবগৰাকীৰ হেঁচাত পৰি এক কোটি টকা শেঠীয়া এণ্টাৰপ্ৰাইজক পৰিশোধ কৰে । কিন্তু বাকী থকা ধনখিনি মোকলাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

চৰকাৰে যদি অহা বিশ্বকৰ্মা পূজাৰ পূৰ্বে বাকী থকা ধনখিনি মুকলি কৰি নিদিয়ে এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদানৰ বাবে দাবী জনায় ৷ অন্যথা আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ব বুলি প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে ।

Your Comments