অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনত বৃহস্পতিবাৰে চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয় । সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাত ডঃ বসন্ত কুমাৰ গোস্বামীয়ে প্রণয়ন কৰা ‘অসম সাহিত্য সভাৰ ইতিহাস’ (দ্বিতীয় খণ্ড) আৰু গোস্বামীৰ সম্পাদনাত প্রকাশিত ‘অৰুণোদই’ উন্মোচন কৰা হয় ।
তদুপৰি, সভাৰ প্রাক্তন উপ-সভাপতি ভূপেন শইকীয়া আৰু অধ্যাপক ডঃ চিত্রজিৎ শইকীয়া সম্পাদিত ‘অসমীয়া ভ্রমণ সাহিত্য সমীক্ষা’ আৰু পৰিৱেশকর্মী সৌম্যদ্বীপ দত্তৰ ‘প্রাচীন কামৰূপ-কমতাৰ প্ৰচলিত বৈষ্ণৱ গীত আৰু কবিতা' উন্মোচন কৰা হয় ।
সভাত বিশিষ্ট অতিথি হিচাপে মিতভাষৰ স্রষ্টা ডঃ নগেন শইকীয়া আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ লগতে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে গ্রন্থকেইখন উন্মোচন কৰে ।
দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত সভাত সাহিত্যপ্রেমীৰ উপস্থিতিৰ বাবে সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱা আৰু কেন্দ্রীয় কার্যালয় সম্পাদক ৰমানন্দন বৰাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।
- Log in to post comments
- 8 views