মাজুলীত বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ

মাজুলীত বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত আজি সন্ধিয়া মাজুলীৰ কমলাবাৰী চাৰিআলিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে বুধবাৰে মাজুলী ভ্রমণলৈ অহা বিজেপি সভাপতি ৰঞ্জিত দাসে বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ বিভিন্ন দল-সংগঠন আৰু কেন্দ্রীয় চৰকাৰৰ মাজত হোৱা আলোচনা সাপেক্ষেহে বৃহৎ নদীবান্ধৰ নিৰ্মাণ বৰ্তমান চলি থকাৰ কথা প্ৰকাশ কৰাৰ পিছত এইদৰে সংগঠনটো সৰৱ হৈ পৰিছে ।

মাজুলীত বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ

ৰঞ্জিত দাস মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক, বৃহৎ নদীবান্ধ বন্ধ কৰক, ইনকিলাব জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে ৰাজপথৰ পৰিৱেশ উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় সেউজ ন্যায়াধীকৰণে নামনি সোৱণশিৰিত নিৰ্মীয়মাণ বৃহৎ নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পিছতো এন এইচ পি চিয়ে গোপনে নিৰ্মাণকাৰ্য চলাই আছে ।

সংগঠনটোৰ প্ৰতিনিধি দলে অলপতে কৰা পৰিদৰ্শনত এই কথা পোহৰলৈ আহিছে বুলি উল্লেখ কৰি শীঘ্রে নিৰ্মাণকাৰ্য বন্ধ নকৰিলে তীব্র আন্দোলন গঢ়ি তোলাৰ কথা প্ৰকাশ কৰে কেন্দ্রীয় প্ৰচাৰ সম্পাদকগৰাকীয়ে ।

Your Comments