বিপিএফ ১০ শতাংশ কমিছনৰহে চৰকাৰ : হিতেশ বসুমতাৰী

বিপিএফ ১০ শতাংশ কমিছনৰহে চৰকাৰ : হিতেশ বসুমতাৰী

"ৰাইজৰ সমস্যাৰ কথা ভাবিবলৈ বিপিএফৰ আহৰি নাই । তেওঁলোকৰ কাৰ্যালয়ত কেৱল ঠিকা-ঠুকলিৰ কথাহে আলোচনা হয় । এই চৰকাৰক কেৱল ১০ শতাংশহে লাগে । আঁচনিৰ ১০ শতাংশ ধন কাটি ৰখাটো এওঁলোকৰ নিয়ম ।

বিপিএফ চৰকাৰৰ কোনো স্বচ্ছতা নাই ।'' এই অভিযোগ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ইউ পি পি (এল) দলৰ উপ-সভাপতি হিতেশ বসুমতাৰীৰ । আজি তামুলপুৰৰ মটঙাপাৰৰ সাংস্কৃতিক ভৱনত জিলা ইউ পি পি (এল) দলৰ সভাপতি বাণীকান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰথম ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলিসভা উদ্বোধন কৰি বসুমতাৰীয়ে এইদৰে অভিযোগ কৰে ।

উন্নয়নৰ বাবে পৰিকল্পনাৰ দৰকাৰ । বিপিএফ চৰকাৰৰ কোনো পৰিকল্পনা নাই, গতিকে বিটিচিৰ উন্নয়ন হ'ব কেনেদৰে বুলিও প্ৰশ্ন কৰে নেতাগৰাকীয়ে | বিটিচিত সমস্যা বুলিলে কেৱল ৰাস্তা-ঘাটৰ সমস্যায়ে নহয়, আন বহুতো জাতীয় সমস্যাও আছে ।

বিপিএফ ১০ শতাংশ কমিছনৰহে চৰকাৰ : হিতেশ বসুমতাৰী

আলফা, এন ডি এফ বিৰ সমস্যাটো সমাধানৰ বাবে চৰকাৰে কেৱল আলোচনাৰ নামত আলোচনাহে চলাই আছে ৷ কিন্তু কোনো মীমাংসা হোৱা নাই | ৰাজনৈতিকভাৱে এই সমস্যাটোৰ  সমাধান কৰিব লাগিব । এই সমস্যা সমাধান কৰাৰ দায়িত্ব চৰকাৰৰ বুলিও তেওঁ কয় |

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউ পি পি (এল) দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰক্ষ্মই ভাল কাম কৰিবলৈ যিকোনো দলত থাকিও কৰিব পাৰি বুলি কয় |

তেওঁৰ সুদীৰ্ঘ ভাষণত অবড়োৰ সমস্যাৰ কথা কৈ সাংসদ হোৱা হীৰা শৰণীয়া (নৱ কুমাৰ শৰণীয়া)ই অবড়োৰ হৈ মাত নামাতে বুলিও অভিযোগ কৰে | হীৰা শৰণীয়াই ৭০:৩০ৰ শ্লোগান দি আছে যদিও যেতিয়া তেওঁৰ কেৰিয়াৰ শেষ হ'ব তেতিয়া প্ৰথমে "জয় বড়োলেণ্ড" ক'ব বুলিও কটাক্ষ কৰে |

সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত এম চি এল এ মালতী ব্ৰহ্ম হাজোৱাৰীয়েও ভাষণ প্ৰদান কৰে | আজি এই সভাৰ পূৰ্বে অনুষ্ঠিত প্ৰতিনিধি সভাত পৰৱৰ্তী তিনি বছৰৰ বাবে বিপুল বসুমতাৰীক সভাপতি আৰু ফণীন্দ্ৰ নাৰ্জাৰীক সম্পাদক হিচাপে লৈ মুঠ ৩৫জনীয়া এখন নতুন সমিতি গঠন কৰে |
 

Your Comments