ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ডিব্ৰুগড় আদালতত হাজিৰ কৃষক নেতা অখিল গগৈ

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ডিব্ৰুগড় আদালতত হাজিৰ কৃষক নেতা অখিল গগৈ

কৃষক নেতা অখিল গগৈ আজি ডিব্ৰুগড় ন্যায়িক আদালতত হাজিৰ হয় । ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত কৃষক নেতা অখিল গগৈৰ লগতে কৃষক নেতা প্ৰদীপ হালৈ আৰু দেৱজিৎ বৰুৱাও আদালতত হাজিৰ হয় । 

উল্লেখ্য যে ২০১৭ বৰ্ষৰ ১৩ ছেপ্টেম্বৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক । ডিব্ৰুগড়ৰ মৰাণৰ বামুণবাৰীত এখন ৰাজহুৱা সভাত হিন্দু বাংলাদেশীক সংস্থাপন কৰিলে হাতত অস্ত্ৰ তুলি লোৱাৰ বাবে কৰা ৰাজহুৱা মন্তব্যৰ বিৰুদ্ধে অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ।

কৃষক নেতাজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এন এছ এৰ অধীনত গোচৰ জাপি দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত আদালতে সেয়া উপযুক্ত প্ৰমাণৰ অভাৱত খাৰিজ কৰে । 

মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তই কৃষক নেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২১(এ)/১২০(বি)/১২৫(এ)/১০৯/১৫৩/১৫৩(এ) ধাৰাৰ অধীনত ১৮০/১৭ নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল ।

প্ৰায় তিনি মাহৰ অন্তত বিগত বৰ্ষৰ ২২ ডিচেম্বৰত জামিনত মুক্তিলাভ কৰে যদিও গোৱালপাৰাৰ দুধনৈ থানাৰ অন্তৰ্গত আন এক গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয় কৃষক নেতাজনক । পিছত উক্ত গোচৰটোতো অখিলে জামিন লাভ কৰে ।
 

Your Comments