বৃহৎ নদীবান্ধৰ সপক্ষে যুক্তি দিয়া আৰু অসমৰ সংগঠনসমূহে নদীবান্ধ নিৰ্মাণ কৰাৰ কাৰণে আহ্বান জনোৱা বুলি মিছাকৈ মত প্ৰকাশ কৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিয়ে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে ৷
সংগঠনটোৱে ৰঞ্জিত দাস মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বৃহৎ নদীবান্ধ বন্ধ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত
অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামী, লখিমপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মনদ্বীপ নেওগ, নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে অৰুণজ্যোতি বণিয়া আৰু ৰূপকমল হাজৰিকাকে ধৰি প্ৰায়সংখ্যক সদস্যই ৷
- Log in to post comments
- 5 views