কেৰালাৰ বান : বাংগালুৰুস্থিত অসমৰ ছাত্ৰৰ সাহায্য

kerela_flood

ভয়ংকৰ বানে কেৰালাৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ বিভীষিকা নমাই অনাৰ পিছত বাংগালুৰুস্থিত ডঃ এইচ এল টি ফাৰ্মাচী মহাবিদ্যালয়ৰ তৰফৰ পৰা তেৰ জনীয়া এটি প্ৰতিনিধিৰ দলে কেৰেলাৰ লগতে কৰ্ণাটকৰ কোডাগু জিলাত উপস্থিত হৈ বানাক্ৰান্ত লোকৰ বুজ লোৱাৰ লগতে সাহায্য প্ৰদান কৰে । প্ৰতিনিধি দলটোৰ ভিতৰত ফাৰ্মাচী মহাবিদ্যালয়খনত অধ্যয়নৰত চাৰিগৰাকী অসমীয়া ছাত্ৰও আছিল ।

kerela_flood

অসমৰ ছাত্ৰ কেইগৰাকী হ'ল বহৰিৰ জাহিৰ ইকবাল খান, হাজোৰ মহিবুল ইছলাম শইকীয়া, খোলাবান্ধাৰ আব্দুল কাদেৰ জিলানী আৰু ৰঙিয়াৰ বাপুক্ণ আহমেদ । এইসকল ছাত্ৰই বাংগালুৰুত বান সাহায্য সংগ্ৰহ কৰি যোৱা শনিবাৰৰ পৰা তিনিদিন ধৰি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি শিবিৰত উপস্থিত হৈ ক্ষতিগ্ৰস্থ লোকসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়ায় ।

প্ৰতিনিধি দলটোৱে প্ৰায় পঞ্চাশ হাজাৰ টকাৰ অত্যাৱশকীয় সা-সামগ্ৰী বিলোৱাৰ লগতে নগদ পঞ্চাশ হাজাৰ টকা বানাক্ৰান্ত লোকসকলৰ মাজত বিলাই দিয়ে ৷ আনহাতে প্ৰতিনিধি দলটোৱে কেৰালাৰ ২০টা পৰিয়ালৰ ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি দিয়ে বুলি জানিবলৈ দিয়ে বি ফাৰ্মৰ ছাত্ৰ জাহিৰ ইকবাল খানে ।

Your Comments