'দেওবাৰৰ পৰা ৰাজ্যত গাহৰি মাংসৰ কিনা-বেচা নিষিদ্ধ'-মন্ত্ৰী অতুল বৰা

Pic

'লকডাউন'ৰ মাজতে ৰাজ্যত নিষিদ্ধ গাহৰি মাংসৰ কিনা-বেচা।অস্বাভাৱিক হাৰত ৰাজ্যৰ ছয়খন জিলাত সহস্ৰাধিক গাহৰিৰ মৃত্যু হোৱাৰ বাবে ৰাজ্যৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই এতিয়াৰে পৰা ৰাজ্যত গাহৰি মাংসৰ সম্পূৰ্ণৰূপে কিনা-বেচা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

শিৱসাগৰ,ধেমাজি,ডিব্ৰুগড়,লখিমপুৰ, যোৰহাট আৰু বিশ্বনাথ জিলাত গাহৰিৰ মৃত্যু হৈছে ১৯৬৬টা।এই কথা সংবাদ মেলত প্ৰকাশ কৰিছে মন্ত্ৰী বৰাই।

ইতিমধ্যে বিভাগৰ পৰা প্ৰেৰণ কৰা হৈছিল পাঁচজনকৈ চিকিৎসকৰ দল।চিকিৎসকৰ দলে সংগ্ৰহ কৰিছে গাহৰিৰ নমুনা।নমুনাসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ভূপাললৈ।ভূপালৰ পৰা অহা ফলাফলৰ ওপৰত ভিত্তি কৰি বিভাগে পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বৰাই কয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে  বিষয়টোৰ সন্দৰ্ভত বৈঠকত মিলিত হয়  মন্ত্ৰী অতুল বৰা।বৈঠকৰ পিছতে দেওবাৰৰপৰা ৰাজ্যত ফলাফল নহা পৰ্যন্ত গাহৰি মাংসৰ কিনা-বেচা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Your Comments