
'লকডাউন'ৰ মাজতে সুৰা বিপনী খোলাৰ পিছত গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা।
সংকটজনক অৱস্থাত এজনক প্ৰেৰণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ।প্ৰাপ্ত খবৰ অনুসৰি এএছ-০১-ইএফ-৯৫১৩নম্বৰৰ এখন মটৰ চাইকেলে পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এএছ-০১-ইই-৩১১১ নম্বৰৰ এখন হোণ্ডাই গ্ৰেণ্ড আইটেন গাড়ীত।উল্লেখ্য যে সুৰাসক্ত অৱস্থাত আছিল বাইক আৰোহীজন।বৰ্তমানলৈকে আৰক্ষীয়ে পৰিচয় লাভ কৰা নাই বাইক আৰোহীজনৰ।গুৰুত্বপূৰ্ণ যে সুৰাৰ বিপনী খোলাৰ পিছতেই মহানগৰীত এইটো প্ৰথম দুৰ্ঘটনা।
- Log in to post comments
- 106 views