প্ৰশাসনৰ নিয়ম উলংঘা কৰি উজানবজাৰৰ ভেণ্ডৰ জাহিৰ আলীয়ে খাৰঘূলিত যোগান ধৰিলে মাংস

Pic

'লকডাউন'ৰ মাজতে গুৱাহাটীত মহানগৰ জিলা প্ৰশাসনে ৰাইজক মাংস যোগানৰ ব্যৱস্থা কৰিছিল।নিৰ্বাচিত ভেণ্ডৰৰ দ্বাৰা জিলা প্ৰশাসনে ঘৰে ঘৰে মাংস যোগানৰ ব্যৱস্থা কৰিছিল।কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে প্ৰশাসনৰ নিৰ্দেশনা সম্পূৰ্ন উলংঘা কৰি উজানবজাৰ অঞ্চলৰ দায়িত্ব লাভ কৰা ভেণ্ডৰ  জাহিৰ আলীয়ে মুকলিকৈ পথতে যোগান ধৰে মাংস।দেওবাৰে পুৱা খাৰঘূলিস্থিত বেলতল শিৱমন্দিৰৰ পথতে ৰাইজক যোগান ধৰে মাংস।ভেণ্ডৰ আলীয়ে গাড়ীত ব্ৰইলাৰ লৈ আহি পথতে নীতি বৰ্হিভূতভাৱে বিক্ৰী কৰে মাংস।

যিসময়ত প্ৰশাসনৰ ফালৰ পৰা ৰাইজক সামাজিক দূৰত্ব মানি চলাৰ কথা কোৱা হৈছিল, সেই সময়ত খাৰঘূলিৰ একাংশ লোকে ভেণ্ডৰ জাহিৰে যোগান ধৰিবলৈ অহা  ব্রইলাৰ মাংস ক্ৰয় কৰিবলৈ হেতা-উপৰা কৰা দেখা গ'ল।প্ৰশাসনৰ দ্বাৰা মাংস যোগানৰ বাবে বান্ধি দিয়া নীতি-নিৰ্দেশনাত উল্লেখ আছে কোনো কাৰণত মুকলিকৈ অথবা দোকানত   মাংস বিক্ৰী কৰিব নোৱাৰিব।তাৰ সলনি অনুজ্ঞাপত্ৰ লাভ কৰা ভেণ্ডৰগৰাকীয়ে পৰিস্কাৰকৈ    সম্পূৰ্ণ হাইজেনিক পদ্ধতিত ৰাইজৰ ঘৰে ঘৰে দিব লাগিব মাংস।তাৰ বাবে ভেণ্ডৰগৰাকীৰ ফোন নম্বৰ দিয়া হৈছিল।কিন্তু ফোন নম্বৰটোত ফোন কৰিলে ৰাইজে যোগাযোগ কৰিব নোৱাৰে ভেণ্ডৰগৰাকীৰ লগত।

ইয়াৰ উপৰিও মাংস যোগান ধৰাৰ সময়ত ভেণ্ডৰগৰাকীয়ে ক'ৰ'না প্ৰতিৰোধৰ পোছাক পৰাধান কৰিব লাগিব।কিন্তু প্ৰশাসনৰ সেই নিৰ্দেশনা তিলমানো গুৰুত্ব নিদিলে ভেণ্ডৰ আলীয়ে।ফলত সমগ্ৰ অঞ্চলটোত গ্ৰাহকৰ ব্যাপক সমাগম হয়।

Your Comments