বিশ্বত্ৰাস মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।চৰকাৰৰ তৎপৰতাৰ প্ৰতি সহায় আগবঢ়াইছে দল-মত নিৰ্বিশেষে সমগ্ৰ ৰাজ্যবাসীয়ে।ৰাজনৈতিক ভেদা-ভেদ পৰিহাৰ কৰি হাতে-হাত ধৰি ক'ৰ'না সংক্ৰমণৰ বিৰুদ্ধে ঠিয় হৈছে ৰাজনৈতিক-অৰাজনৈতিক সকলো দল- সংগঠন।
ইফালে,ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে আহ্বান জনাইছে ৰাজ্যৰ সকলো ৰাজনৈতিক দল-সংগঠনেৰে সৰ্বদলীয় সভাৰ।সৰ্বদলীয় সভা আহ্বান জনোৱাৰ পিছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহে।
গুৰুত্বপূৰ্ণ যে দুদিন পূৰ্বে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সোণোৱাল চৰকাৰলৈ আহ্বান জনাইছিল সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ বাবে।
- Log in to post comments
- 48 views