"গ্ৰেপ্তাৰৰ ৱাৰেণ্ট দিয়ক,কি গোচৰত মোক গ্ৰেপ্তাৰ কৰিব"-অখিল গগৈ

Pic

শিৱসাগৰ আৰক্ষীৰ ৰাষ্ট্ৰদ্রোহৰ গোচৰত জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৃষক নেতা অখিল গগৈক।শিৱসাগৰ কাৰাগাৰৰ গেটৰ পৰাই চাবুৱা থানাত ৰুজু হৈ থকা নম্বৰ ২৮৯/২০১৯ গোচৰৰ ভিত্তি গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ যোৱা হয় গগৈক। উল্লেখ যে মঙলবাৰৰ পৰা কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বাবে শিৱসাগৰ কাৰাগাৰৰ সন্মুখত ৰৈ আছিল ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দল। "গ্ৰেপ্তাৰৰ কোনো ৱাৰেণ্ট জাৰি নকৰাকৈ কি গোচৰৰ ভিত্তিত মোক গ্ৰেপ্তাৰ কৰিব।গোচৰটো কি মোক আপোনালোকে জনাওঁক"-ডিব্ৰুগড় আৰক্ষীলৈ কাৰাগাৰৰ সন্মুখৰ পৰা অখিলৰ পোনপটীয়া প্ৰশ্ন। "আপোনালোকে যে মোক গ্ৰেপ্তাৰ কৰিব,তাৰ ৱাৰেণ্ট দিয়ক।গ্ৰেপ্তাৰ কৰাৰ নটিছ দিয়ক।যদি দিবই নোৱাৰে,তেন্তে কি আপোনালোকে মোক ডকাইতৰ দৰে ধৰিব।পুলিচ মানে এতিয়া ডকাইত হ'ব"- আৰক্ষীক মুখামুখীক প্ৰশ্ন কৃষক নেতাগৰাকীৰ।

Your Comments