'লকডাউন'ৰ মাজতে গুৱাহাটী মহানগৰীৰ চিৰিয়াখানাৰ সমীপৱৰ্তী সুন্দৰপুৰত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা।পথ দুর্ঘটনাটোত প্ৰাণ হেৰুৱালে ৰাজ্যৰ এগৰাকী সাংবাদিকে। কিছুদিনৰ পূৰ্বে সংবাদ জগতত ভৰি থোৱা ২২ বছৰীয়া সাংবাদিকগৰাকী হৈছে ডিম্পী কাশ্যপ।প্ৰাপ্ত খবৰ অনুসৰি ডিম্পী এজন সহকৰ্মীৰ সৈতে এখন স্কুটীত গৈ থকা সময়তে দুৰ্ঘটনাতো সংঘটিত হয়।ডিম্পী আৰু সহকৰ্মী অৰূপ মৰাং জু-ৰোডৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত স্কুটীখনে এটা বিদ্যুতৰ খুঁঁটাত খুন্দা মৰাত সাংবাদিকগৰাকী গুৰুতৰভাৱে আহত হয়।পিছত চিকিৎসালয়ত তেওঁঁৰ মৃত্যু হয়।
মঙলবাৰে নিশা প্ৰায় ৯.৪৫ বজাত সংঘটিত হোৱা উক্ত পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে আনগৰাকী সাংবাদিক অৰূপ মৰাং।
উল্লেখ্য যে মৃত ডিম্পীৰ ঘৰ গুৱাহাটীৰ বেলতলাত।প্ৰতিবিম্ব লাইভ(ৱেবপৰ্টেল)ত কৰ্মৰত আছিল ডিম্পী।
- Log in to post comments
- 39 views