ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীলৈ আহ্বান জনোৱা 'জনতা সান্ধ্য আইন'লৈ পূৰ্ণ সমৰ্থন ৰাজ্যবাসীৰ।সমগ্ৰ ৰাজ্যত 'জনতা সান্ধ্য আইন'ৰ বাবে জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ নগৰ-চহৰ,গাঁও সকলোতে ক'ৰ'নাৰ আতংকত জনতা সান্ধ্য আইনলৈ পূৰ্ণ সমৰ্থন জনাই ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে ৰাজ্যবাসী। সাৱধানতা অৱলম্বন কৰি গাঁৱৰ বাসিন্দাই ঘৰৰ পদূলিমুখত লগাই দিছে বিশেষ ফলক।লিখা আছে- "আজি আমাৰ ঘৰলৈ কোনো নাহিব"।
- Log in to post comments
- 23 views