'জনতা কাৰ্ফিউ'লৈ সমৰ্থন চেম্বাৰছ অৱ কৰ্মাচৰ:২৩ মাৰ্চতো ৰাজ্যত বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান

Pic

ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ'লৈ পূৰ্ণ সমৰ্থন অসম চেম্বাৰছ অফ কৰ্মাচৰ।এক সংবাদ মেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে চেম্বাৰচ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে।লগতে অসমবাসীক আহ্বান জনায় তেওঁ কয়-"জনতাৰ কাৰ্ফিউৰ প্ৰতি সকলোৱে সঁহাৰি দিয়ক।" ইফালে,২৩ মার্চত অসম চেম্বাৰছ অৱ কৰ্মাচে ক'ৰ'না সংক্ৰমন প্ৰতিৰোধৰ বাবে পুৱা ৬ বজাৰ পৰা ৰাতি ৯ বজালৈ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ আহ্বান জনাইছে। এই সময়ত সকলো ভাৰতবাসী একেলগ হৈ ক'ৰ'না ভাইৰাছৰ সৈতে যুঁঁজ দিব লাগিব বুলি উল্লেখ কৰি গোস্বামীয়ে ব্যৱসায়ীসকলক আহ্বান জনায় কয়-"যাতে এই সময়খিনিত কোনেও অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি নকৰে।অসমত থকা সকলো ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে একগোট হৈ ভাইৰাছৰ বিৰুদ্ধে যুঁজত অৱৰ্তীনণ হ'ব লাগে।" অসমত ৪ এপ্ৰিললৈ সময়ছোৱা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি গোস্বামীয়ে কয়-"সকলোৱে সংযতভাৱে,সাৱধানেৰে আগবাঢ়িব লাগিব।কোনেও যাতে অপ্ৰপ্ৰচাৰ নকৰে।"

Your Comments