'জনতা কাৰ্ফিউ'ৰ সমৰ্থনত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সকলো স্থানীয় ৰে'লগাড়ী বাতিল

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনতাক জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি উত্তৰ-পূৰ্ব সীমান্ত ৰে'লৱেৰ।প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত আহ্বান জনোৱা 'জনতা কাৰ্ফিউ'ৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেই দেওবাৰে সকলোবোৰ স্থানীয় যাত্ৰীবাহী ৰে'লগাড়ীৰ চলাচল বাতিল কৰিছে।এই কথা জানিবলৈ দিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।বিষয়াগৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি "বিশ্বত্ৰাস কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বহুকেইখন যাত্ৰীবাহী ৰে'লগাড়ীৰ চলাচল বাতিল কৰা হৈছে।প্ৰায়সংখ্যক স্থানীয় যাত্ৰীবাহী ৰে'লগাড়ী বাতিল হৈছে।দেওবাৰে ১০০ শতাংশ স্থানীয় যাত্ৰীবাহী ৰেল চলাচল বন্ধ হ'ব।" "দূৰ-দূৰণিৰ পৰা আহি থকা বা যাত্ৰা কৰি থকা অৰ্থাৎ দূৰণিবতীয়া ৰে'লগাড়ীসমূহ চলি থাকিব।ডিব্ৰুগড়-গুৱাহাটীৰ পৰা শনিবাৰে ৰাতি যিসমূহ ৰে'লগাড়ী দূৰণিলৈ যাব,সেইসমূহ সময়মতে চলাচল কৰি থাকিব"-ভট্টাচাৰ্যই লগতে কয়। তাৰ মাজতো গুৰুত্বপূৰ্ণ কথা এই যে কিছুমান দূৰণিলৈ যাব লাগে ৰে'লগাড়ী দেওবাৰৰ দিনটোত বাতিল হ'ব।তাৰ বাবে ইতিমধ্যে আলোচনা চলি থকা বুলি বিষয়াগৰাকীয়ে কয়।

Your Comments