ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ব্যাপক তৎপৰতা গুৱাহাটী আৰু কামাখ্যা ৰে'ল ষ্টেচনত

Pic

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰখাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ব্যাপক তৎপৰতা।ৰাজ্যৰ মূল দুৱাৰমুখ কামাখ্যা আৰু গুৱাহাটী ৰে'লৱে ষ্টেচনত ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কৰা হৈছে যাত্ৰীৰ পৰীক্ষা।ৰাজ্য আৰু বহি:ৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক কৰা হৈছে স্বাস্থ্য পৰীক্ষা।

উল্লেখ যে যিসকল যাত্ৰীৰ  উষ্ণতা ১০০ ডিগ্ৰীতকৈ অধিক লাভ কৰা হৈছে,সেইসকল যাত্ৰীক কিছুসময় ৰখাই পুনৰ কৰা হৈছে পৰীক্ষা।যদি দ্বিতীয়বাৰ পৰীক্ষাতো যাত্ৰীগৰাকীৰ উষ্ণতা কমা নাই তেনে যাত্ৰীসকলক নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছে।এই কথা জনালে কামাখ্যা ৰে'ল ষ্টেচনত স্বাস্থ্য পৰীক্ষাত নিয়োজিত হৈ থকা চিকিৎসক ড:নয়নমণি মহনে।

উল্লেখ যে ৰাজ্যবাসীলৈ যাতে ভয়ংকৰ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি ষ্টেচন দুটাত যোৱা ১৭ মার্চৰ পৰা কৰি থকা হৈছে স্বাস্থ্য পৰীক্ষা।অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু ৰে'লৱে স্বাস্থ্য বিভাগৰ উদ্যোগত চলিছে এই স্বাস্থ্য পৰীক্ষা অভিযান।গুৰুত্বপূৰ্ণ কথা এই যে স্বাস্থ্য পৰীক্ষাৰ কৰা বাবে তিনিটা শ্বিফ্টত ভগাই দায়িত্বসমূহ ভগাই দিয়া হৈছে।সেই অনুসৰি পুৱা ৭-২বজালৈ,২ বজাৰ পৰা ৰাতি ১০বজালৈ আৰু ৰাতি ১০ বজাৰ পৰা পুৱা ৭ বজালৈ।পুৱা আৰু আবেলি পৰীক্ষাৰ দায়িত্বত ৰাজ্যৰ স্বাস্থ্য বিভাগ।একেদৰে ৰাতি দায়িত্বত থাকে ৰেলৱে স্বাস্থ্য বিভাগ।

দুয়োটা পৰীক্ষা কেন্দ্রত নিয়োজিত চিকিৎসা -কর্মীসকলে প্ৰকাশ কৰা অনুসৰি বৰ্তমান সময়লৈকে পৰীক্ষা কৰা কোনো এগৰাকী যাত্ৰীৰ দেহত ধৰা পৰা নাই ক'ৰ'না ভাইৰাছৰ উপস্থিতি।শুকুৰবাৰে গুৱাহাটী ষ্টেচনত তিনিগৰাকী আৰু কামাখ্যা ষ্টেচনত ১০ গৰাকী যাত্ৰীক সন্দেহত নিৰীক্ষণত ৰখা হৈছিল।পিছত সকলোকেইজন যাত্ৰীৰদেহত ক'ৰ'নাৰ উপস্থিতি পোৱা নগ'ল।

উল্লেখ যে বহিঃৰাজ্যত কৰ্মৰত অধিকাংশ অসমৰ যুৱক বিগত কেইবাদিনো ধৰি ট্ৰেইনসমূহত অসমলৈ ঘূৰি আহিছে।তেনে যাত্ৰীসকলৰ ওপৰত অধিক গুৰুত্ব দিয়া বুলি নিয়োজিত চিকিৎসকসকলে জানিবলৈ দিছে।

Your Comments