বিশ্বত্ৰাস কৰ'না ভাইৰাছক লৈ শংকিত দেশবাসী।চীন-ইটালীত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰা ক'ৰ'নাৰ পৰা ভাৰতবাসী সুৰক্ষিত হৈ থকাৰ আশা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক উদ্দেশ্য কৰি প্ৰদান কৰিছে বিশেষ অভিভাষণ।সমগ্ৰ দেশৰ জনতাক ক'ৰ'নাৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ বিশেষ কাম নাথাকিলে ঘৰৰ পৰা বাহিৰ নহবলৈ আহ্বান জনোৱা হৈছে।সমাগম হ'ব পৰা সকলো ধৰণৰ কাৰ্যসূচী বাতিল কৰিবলৈ প্ৰত্যেক ৰাজ্য চৰকাৰক দিয়া হৈছে নির্দেশ।সেই অনুসৰিয়ে ৰাজ্য চৰকাৰে ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে ইতিমধ্যে গ্ৰহণ কৰিছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ।জনসমাগম হ'ব পৰা সকলো ঠাই বন্ধ কৰি দিয়াৰ লগতে বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান।বহু জিলাত জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে ১৪৪ধাৰা।
ইফালে,বিটিচি নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক লাভালাভৰ লালসাত ক'ৰ'না ভাইৰাছক লৈ প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক জনোৱা আহ্বানকো গুৰুত্বহীন কৰি তুলিলে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তই।প্ৰধানমন্ত্ৰীৰ আহ্বানক উপলুঙা কৰি মহন্তই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰে।তেওঁ কয়-"মোডী আজ্ঞাবাহী প্ৰধানমন্ত্ৰী,এটা নিৰ্দিষ্ট ৰাজনৈতিক উদ্দেশ্য আছে।তেওঁলোকৰ কথাত আমি একমত নহয়।"
উল্লেখ্য যে ক'ৰ'না ভাইৰাছ সংক্ৰমণকেন্দ্ৰিক গুৰুতৰ পৰিস্থিতিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে বৰ্তমান স্থগিত ৰাখিছে বিটিচি নিৰ্বাচন।
- Log in to post comments
- 44 views