ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিটিচি পৰিষদীয় নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ কথা।গুৱাহাটীত শুকুৰবাৰে সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই।নিৰ্বাচন কেতিয়া পুনৰ অনুষ্ঠিত হ'ব,সেই কথা পৰৱৰ্তী সময়ত নতুনকৈ ঘোষণা কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে লগতে কয়।
ইফালে,নিৰ্বাচনত অৱতীৰ্ণ হোৱা যিসকল প্ৰাৰ্থীয়ে মনোনয়ন দিছে তেওঁলোকৰ মনোনয়ন বৈধ হোৱা বুলি উল্লেখ কৰি আয়ুক্তগৰাকীয়ে কয়-"প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰিব আয়োগে।তেওঁলোকৰ মাজতে অনুষ্ঠিত হ'ব নিৰ্বাচন।"
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ নতুন দিন ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি আয়োগে কয়-"জনসাধাৰণৰ স্বাস্থ্যৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।"
এতিয়াৰে পৰা কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব নোৱাৰিব বুলি উল্লেখ কৰি আয়োগে কয়-"নতুন দিন ঘোষণা কৰাৰ পিছত পুনৰ প্ৰচাৰ অভিযান চলোৱা বাবে দিয়া হ'ব সময়।"
"এতিয়াৰে পৰা বিটিচিত বৃহৎ গণ সমাৱেশসমূহ নিষিদ্ধ কৰাত প্ৰশাসনৰ কোনো বাধা নাথাকিব।"লগতে আয়োগে কয়।
উল্লেখ যে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল বিটিচি নিৰ্বাচন।৮এপ্ৰিলত ঘোষণা কৰাৰ কথা আছিল ফলাফল।শনিবাৰে প্ৰকাশ পোৱাৰ কথা আছিল চূড়ান্ত প্ৰাৰ্থী তালিকা।
- Log in to post comments
- 11 views