"যিসকল ব্যক্তিয়ে আজি মেৰুদণ্ড পোন কৰি আছে,সেইসকল ব্যক্তিক বিজেপিয়ে মানসিকভাৱে আক্ৰমণ কৰিছে"-অজিত কুমাৰ ভূঞা

Pic
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনকাৰীৰ ওপৰত বিজেপি চৰকাৰৰ আক্রমণৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হয় নাগৰিক সভা।ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ অজিত কুমাৰ ভূঞা,জ্যেষ্ঠ ৰাজনীতিক হেমেন দাস,জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন,মনজিৎ মহন্তৰ আহ্বানত অনুষ্ঠিত সভাত উপস্থিত থাকে ৰাজ্যৰ একাংশ 'কা' আন্দোলনকাৰী। চিপিআইৰ নেতা হেমেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে সমাজকর্মী মীৰা বৰঠাকুৰৰ ওপৰত বিজেপিৰ আইটি কোষে কৰা আক্ৰমণক গৰিহণা জনায় কয়-"মীৰা বৰঠাকুৰৰ ওপৰত আক্ৰমণ মানে সংগ্রামী সত্ত্বা, মহিলা সমাজৰ ওপৰত আক্ৰমণ।মানস ৰবীনক আক্ৰমণ মানে শিল্পী সমাজক কৰা আক্ৰমণ আৰু শৃংখল চলিহাক আক্ৰমণ মানে 'কা' আন্দোলনৰ প্ৰতিজন ব্যক্তিৰ ওপৰত আক্ৰমণ।এনে আক্ৰমণৰ তাৎক্ষণিক আৰু বৌদ্ধিকভাৱে প্ৰত্যুত্তৰ দিব লাগিব।" আনহাতে,সামাজিক মাধ্যমত কিছুদিন পূৰ্বে ফুকনৰ পুৰণি ফটো প্ৰকাশ কৰি বিজেপিত যোগদান কৰা বুলি প্ৰচাৰ কৰা কাৰ্যক ধিক্কাৰ জনাই আৰু কয়- "বিজেপিৰ হৈ কাম কৰা কিছু সাংবাদিকে এই ফটো ভাইৰেল কৰিছে।যিসকলে কৰিছে তেওঁ লোকক চিনাক্ত কৰা হৈছে।"সেইসকলক উদ্দেশ্য কৰি তেওঁ কয়-"সাংবাদিকতাৰ ৰাজনীতিকৰণ নকৰিব।তেনে সাংবাদিকতা এৰক।" জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে ভৱিষ্যতে অসমত অশান্তি আৰু প্ৰত্যাহ্বানৰ দিন আহি থকা বুলি উল্লেখ কৰি কয়-"আপোনালোকে যদি চৰকাৰৰ বা চৰকাৰী পক্ষৰ বিৰুদ্ধে কোনো গোচৰ দিছে,তেন্তে গোচৰ দিয়ে বহি নাথাকিব।গোচৰৰ তদন্তৰ অগ্ৰগতি বিচাৰি আদালতৰ কাষ চাপক,আদালতে সহায় কৰিব।" অখিল গগৈ,কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্ৰ মুক্তিক গ্ৰেপ্তাৰ কৰি ভৰাই ৰাখিব পাৰিলে বিজেপি সফল হ'ব বুলি উল্লেখ কৰি দেৱেন তামুলীয়ে কয়-"অখিলৰ ওপৰত চলা আক্ৰমণ প্ৰতিৰোধ কৰিব লাগিব।ন্যায়ালয়ৰ ন্যায় ব্যৱস্থা বিজেপি চৰকাৰৰ হাতত বন্দী।" বিশ্বত্ৰাস কৰ'নাৰ বাবে ৰাজ্যত সকলো বন্ধ কৰাৰ পিছতো বিটিচি নিৰ্বাচন বন্ধ নকৰা প্ৰসংগক উল্লেখ কৰি তামুলীয়ে লগতে কয়-"বিজেপিয়ে কিবা লাভ- লোকচানৰ অংশ দেখিছে।" সভাত উপস্থিত থাকি বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই বৰ্তমান অসমত গণতন্ত্ৰৰ থকা কথা বিশ্বাস নকৰো বুলি উল্লেখ কৰি কয়- "বিজেপিয়ে বেনাৰ তৰিব পাৰে,কিন্তু আমি তৰিব নোৱাৰো।বিজেপিয়ে আমাৰে খিলঞ্জীয়া ভাইহঁতক আমাৰ বিৰুদ্ধে কাজিয়া কৰিবলৈ ডিমৌ বজাৰত মদ খুৱাইছে।" ইফালে মীৰা বৰঠাকুৰক বিজেপিৰ আইটি কোষে কৰা আক্ৰমণক গৰিহণা জনাই শৃংখলে কয়-"মীৰা বাইদেউৰ কথাটো নকলোৱে,অখিল গগৈৰ ৮০ উৰ্ধৰ বৃদ্ধা মাতৃক যি মন্তব্য কৰিছে, শুনিলে আমাৰ লাজ লাগে।বিজেপি আইটি কোষে আমি পূৰ্বতে নুশুনা নতুন নতুন বেয়া মাত সৃষ্টি কৰিছে।" গোচৰ দি দি ভাগৰি গলো,একো ব্যৱস্থা গ্ৰহণ নকৰে বুলি উল্লেখ কৰি চলিহাই আৰু কয়-"গণতন্ত্ৰৰ শেষলৈকে 'কা' বিৰোধী সংগ্ৰাম চলি যাব।সমান্তৰালকৈ শক্তিশালী আইনী যুঁজৰ ব্যৱস্থা কৰিব লাগে।" ক'ৰ'নাৰ বাবে বড়োলেণ্ডৰ নিৰ্বাচন বন্ধ কৰিব লাগে বুলি দাবী জনায় মুনিন মহন্তই কয়-"সকলো কথা ৰাজপথত মীমাংসা হ'ব লাগিব।'কা' আন্দোলনট ঐক্যবদ্ধ কৰিব নোখোজা সংগঠনসমূহ লাহে লাহে চিহ্নিত হৈছে আৰু হ'ব।আন্দোলন তীব্রতৰ হ'ব।" 'আমছু'ৰ প্ৰতিনিধি আজিজুৰ ৰহমানে সভাত উপস্থাপন থাকি কয়-"কা' আন্দোলনৰ প্ৰতি আমাৰ সমৰ্থন আছে।কিন্তু সন্মুখলৈ আহিবলৈ পৰা নাই, কাৰণ আমি সন্মুখত থাকিলে ইমান বেয়াকৈ আমাক বিজেপিয়ে কয়।" "বিজেপি আইটি কোষৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব"-ৰহমানে লগতে কয়। ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে সভাত উপস্থিত থাকি প্ৰাঞ্জল কলিতাই কয়- "আন্দোলন ক'ৰ'না আতংকৰ পিছতে তীব্রতৰ হিচাপে গঢ়ি তুলিব লাগে।" বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে অসমীয়া জাতি-"গছত উঠি চাবা,ৰাইজ যেনিয়ে যায়,সেইফালে যাবা" নীতিত পৰিচালিত বুলি উল্লেখ কৰি কয়-"ছয়মাহ ধৰি যে সভা-সমিতিত ঐক্যবদ্ধ হ'ব লাগে বুলি আমি কাক কৈছোঁ।কাৰণ আমি পাঁচজন নাগৰিকে ঐক্যবদ্ধ হ'ব নোৱাৰোঁ। সভাত উপস্থিত থাকি নৱ-নিৰ্বাচিত ৰাজ্যসভা সাংসদ অজিত কুমাৰ ভূঞাই কয়-"যিসকল ব্যক্তিয়ে আজি মেৰুদণ্ড পোন কৰি আছে,সেইসকল ব্যক্তিকে মানসিকভাৱে বিজেপিয়ে আক্ৰমণ কৰিছে।আক্ৰমণ হৈছে আন্দোলনৰ বিৰূদ্ধে চৰকাৰৰ এটা ষড়যন্ত্ৰ।আইন ব্যৱস্থা ভাগি পৰিছে।" শাসকে কৰা কাণ্ডত তেওঁলোকৰ ভৰিৰ তলৰ মাটি খহিব ধৰাতো ফুটি উঠিছে বুলি উল্লেখ কৰি ভূঞাই আৰু কয়- "বিজেপি শাসন গুণ্ডা শাসন।চৰিত্ৰ হননত নামি পৰিছে।শিল্পী মানস ৰবীনক কৰা আক্ৰমণক বিজেপিয়ে বিৰোধিতা কৰিব লাগিছিল,কিন্তু তাকে নকৰি শাসক পক্ষই মুকলিকৈ ঘোষণা কৰিলে এয়া আৰম্ভণি বুলি।ফুটি উঠিছে ফেচিবাদৰ এটা ডাঙৰ লক্ষণ"।" বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাতে গ্ৰহণ কৰা হয় কা' বিৰূদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।

Your Comments