'মই ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো বিজেপিৰ প্ৰথম ব্যৰ্থতা'-অজিত কুমাৰ ভূঞা

Pic

"ৰাজ্যসভালৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে মই নির্বাচিত হোৱাতো বিগত চাৰি বছৰত ধনবল,বাহুবল থকা বিজেপিৰ প্ৰথমতো ব্যৰ্থতা।বিধায়ক কিনা-বেচাত অংক নিমিলা বাবে মোৰ জয় নিশ্চিত হ'ল"-এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যসভালৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ। ৩৫ বছৰ সাংবাদিকতা কৰাৰ পিছত সংসদীয় ৰাজনীতিত যাবলৈ বাধ্য হ'লো বুলি উল্লেখ কৰি ভূঞাই কয়-"পূৰ্বতে যেতিয়াই চৰকাৰৰ দৃষ্টিত অপৰাধী হৈ গ্ৰেপ্তাৰ হৈছোঁ,প্ৰতিবাৰতে মোলৈ ৰাজনীতিত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ আহিছিল।প্ৰস্তাৱসমূহ গ্ৰহণ কৰা নাছিলোঁ।কিন্তু শেহতীয়াভাৱে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ অহাৰ পূৰ্বে অসমবাসী ৰাইজে ৰাজ্যসভালৈ যোৱাৰ প্ৰস্তাৱ আহিলে নস্যাৎ নকৰিবলৈ আহ্বান জনাইছিল।সেই কথা ভাবিয়ে গুৰুত্বপূৰ্ণ এটা সন্ধিক্ষণত উচ্চ সদনলৈ যোৱাৰ কথাটো নস্যাৎ নকৰিলোঁ।" "বিজেপিৰ সাম্প্ৰদায়িক স্থিতি, গণতন্ত্ৰৰ ৰক্ষা,সংবিধানৰ প্ৰশ্ন,ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ পক্ষত কেতিয়াও আপোচ কৰা নাই আৰু নকৰো।য'তে সুযোগ পাইছো তাতে 'কা'ৰ বিৰূদ্ধে সংগ্রাম কৰিছোঁ।নিৰ্দিষ্ট বাধ্য-বাধকতাৰ মাজত থাকি সংসদৰ মজিয়াত তীব্ৰ ভাষাৰে 'কা'ৰ বিৰোধিতা কৰি যাম"-ভূঞাই কয়। আনহাতে,'২১ত বিৰোধী ঐক্যবদ্ধ গঢ়ি নুঠিলে বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ নহ'ব বুলি উল্লেখ কৰি ভূঞাই কয়-"বিৰোধীয়ে আগন্তক '২১ৰ বাবে আদৰ্শ প্ৰতিষ্ঠা কৰক আৰু ঘৃণা ভাব পৰিহাৰ কৰক।" "হয়,কংগ্ৰেছৰ দিনতো অত্যাচাৰৰ সন্মুখীন হৈছিলোঁ,কিন্তু তৰুণ গগৈৰ ১৫ বছৰৰ শাসনত অত্যাচাৰৰ সন্মুখীন হোৱা নাই"-তাৎপৰ্যপূৰ্ণভাৱে ভূঞাই কয়। এআইউডিএফ বিজেপিৰ বাবে যি মোৰ বাবে সেয়া নহয় বুলি উল্লেখ কৰি ভূঞাই আৰু কয়-"জাতীয় জীৱনৰ সমস্যাৰ লগত এআইউডিএফৰ সমৰ্থন আছে।বিজেপিয়ে '৭১ৰ কথা কৈ হিন্দুত্ববাদী ৰাজনীতিৰ স্বাৰ্থত এতিয়া '৫১ৰ কথা কৈছে।এআইইউডিএফ দলে কিন্তু অসম চুক্তিৰ বিৰোধিতা কৰা নাই।ঠিক একেদৰে এনআৰচিৰ উন্নীতকৰণত সমৰ্থন কৰিছে।" গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদ মেলত উপস্থিত থাকে অসম নাগৰিক সমাজৰ হৈ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, অধিবক্তা শান্তনু বৰঠাকুৰ,পৰেশ মালাকাৰ।

Your Comments