"নিয়াৰ হাতত গ্ৰেপ্তাৰ হৈ তিনিমাহৰ ভিতৰতে জামিন লাভ কৰা অখিল গগৈয়ে হৈছে একমাত্ৰ ব্যক্তি।গগৈয়ে জামিন লাভ কৰা কথাই পুনৰবাৰ প্ৰমাণ কৰিলে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰৰ কথা"-এই গুৰুত্বপূৰ্ণ মন্তব্য কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক' ডি শইকীয়াৰ।"মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত নিয়াৰ হাতত গ্ৰেপ্তাৰ হৈ তিনিমাহ ধৰি কাৰাৰুদ্ধ হৈ থকা পিছত মঙলবাৰে জামিন লাভ কৰিছিল কৃষক নেতা গগৈয়ে।দুৰ্ভাগ্যজনক কথা এই যে জামিন লাভ কৰিও গগৈ ওলাই আহিব নোৱাৰিলে কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা।পুনৰ উদ্দেশ্য প্ৰণোদিতভাৱে গগৈৰ ওপৰত জাপি দিয়া হৈছে ৰাষ্ট্ৰদ্রোহৰ গোচৰ"-সভাপতি শইকীয়াই লগতে কয়।
উল্লেখ্য যে শিৱসাগৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰি চাৰিদিনৰ নিজৰ জিম্মাত ৰখা অখিল গগৈৰ বিৰুদ্ধে ডিব্ৰুগড়, চাবুৱা,টিয়ক আৰক্ষী থানাত ৰুজু হৈ আছে গোচৰ।এই প্ৰসংগ উল্লেখ কৰি সভাপতি শইকীয়াই কয়-"ভুৱা মনেসজা গোচৰত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সোণোৱাল চৰকাৰে গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰাখিছে।নিয়াৰ গোচৰত জামিন পোৱাৰ পিছতো কিয় লাজ পোৱা নাই সৰ্বানন্দ সোণোৱালে!নিজৰ আদালততে নিয়াই মুখ ঠেকেচা খাইছে।সোণোৱালৰ জোকৰ মুখত চূণ পৰিছে"।
আন্দোলন সকলোৱে কৰিছে,কিন্তু কেৱল অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক বাছি বাছি কিয় গ্ৰেপ্তাৰ কৰা হয়।এদিন অসমবাসীৰ ৰাইজৰ আদালতত সোণোৱাল চৰকাৰে জবাব দিব লাগিব বুলি উল্লেখ কৰি সভাপতি শইকীয়াই কয়-"সত্য আৰু অসত্যৰ যুঁজ চলিছে।"
- Log in to post comments
- 11 views