বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন

Pic

১৭ বছৰৰ পিছত বহু প্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ বিশেষ মুহূৰ্তলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী।নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন কমিটীয়ে সম্পূৰ্ণ কৰিলে সকলো যাৱতীয় প্ৰক্ৰিয়া।বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা  অনুষ্ঠিত হ'ব লগা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচনী কমিটীয়ে বুধবাৰে বিয়লি তিনি বজাত প্ৰতিদ্বন্দী প্ৰাৰ্থী আৰু প'লিং এজেণ্টৰ উপস্থিতিত বেলট বাকচ শসমূহ পৰীক্ষা কৰাৰ লগতে প্ৰাৰ্থিত্ব আগবঢ়োৱা ৩৬ গৰাকী প্ৰাৰ্থীৰ স্বাক্ষৰেৰে বন্ধ কৰা হয় বেলট বাকচসমূহ।বৃহস্পতিবাৰে পুৱা ৮ বজাৰ লগে লগে প'লিং এজেন্ট আৰু প্ৰাৰ্থীৰ উপস্থিতিত খোলা হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব লগা বিশেষ কোঠাটো।

উল্লেখ্য যে ৮১৬ জন ভোটাৰে ১০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব বেলটত।

বিয়লি ৪ বজালৈকে চলিব লগা ভোটদান প্ৰক্রিয়াৰ পিছতে সন্ধিয়া পাঁচ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা।ৰাতিলৈ ঘোষণা কৰা হ'ব ফলাফল।

Your Comments