বিটিচি পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা জাৰি:৪ এপ্ৰিলত ভোটগ্ৰহণ,৮ এপ্ৰিলত ফলাফল ঘোষণা

Pic

বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত প্ৰত্যাশিত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বুধবাৰে দিন ঘোষণা কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে।সেই অনুসৰি অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচন।মুঠ ৪০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে ১১ মাৰ্চ অৰ্থাৎ বুধবাৰৰে পৰা জাৰি কৰা হ'ল নিৰ্বাচনৰ অধিসূচনা।

ইফালে,নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰাৰ্থীসকলে অহা ১৮ মাৰ্চৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন-পত্ৰ।১৯ মাৰ্চত প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ পৰীক্ষণ আৰু নিৰীক্ষণ কৰা হ'ব।যদি কোনো প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ ইচ্ছাকৃতভাৱে প্ৰত্যাহাৰ কৰিবলৈ বিচাৰে, তেন্তে ২১ মাৰ্চৰ আবেলি ৩ বজাৰ ভিতৰত আগত কৰিব লাগিব মনোনয়ন প্ৰত্যাহাৰ।

ইফালে,২১মার্চৰ আবেলি ৩ বজাৰ পিছত ঘোষণা কৰা হ'ব চূড়ান্ত প্ৰাৰ্থী তালিকা।

৮এপ্ৰিলত কৰা হ'ব  ভোট গণনা।

এই কথা প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে।

Your Comments