গুৱাহাটী ৰে'ল ষ্টেচনত নিষিদ্ধ গাঞ্জা আৰু হেৰ'ইন জব্দ

Pic

গুৱাহাটী ৰে'ল ষ্টেচনত নিষিদ্ধ গাঞ্জা আৰু হেৰ'ইন জব্দ।ম্যানমাৰৰ পৰা লৈ অনা অৱস্থাত গুৱাহাটী ষ্টেচনত ৰে'ল আৰক্ষীয়ে এজন সৰবৰাহকাৰীসহ জব্দ কৰে হেৰ'ইনখিনি।আটক কৰা সৰবৰাহকাৰীজন হৈছে আব্দুল মজিদ।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ১লাখ টকা।হেৰ'ইনখিনি কামৰূপ এক্সপ্ৰেছৰ জৰিয়তে বেংগালুৰুলৈ নিবলৈ আনিছিল ধৃত আব্দুলে। চৰকাৰী ৰে'ল আৰক্ষীয়ে কামৰূপ এক্সপ্ৰেছত উঠিবলৈ লওঁতে ধৰা পেলায় সৰবৰাহকাৰীজনক।

ইফালে,বুধবাৰে পুৱাই ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় ৯০হাজাৰ টকাৰ গাঞ্জা উদ্ধাৰ কৰে ৰে'ল আৰক্ষীয়ে।নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ ডবা নং-এ১ ৰ পৰা জব্দ কৰিছে গাঞ্জাখিনি।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ কৰা গাঞ্জাখিনিৰ ওজন ১১কেজি।গাঞ্জাখিনি আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই।

Your Comments