'একমাত্ৰ আদালতৰ নির্দেশ,ৰাইজৰ সংগ্ৰামৰ বাবে সামান্য সুস্থ হৈছোঁ,গা-মন ভাল লাগিছে'-অখিল গগৈ

Pic

কাৰাৰুদ্ধ অৱস্থাত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ স্বাস্থ্য সামান্য উন্নত হৈছে।মঙলবাৰৰ পৰা স্বাস্থ্য কিছু উন্নত হোৱা বুলি সংবাদ মাধ্যমৰ আগত নিজে প্ৰকাশ কৰিছে কাৰাৰুদ্ধ সংগ্ৰামী নেতাগৰাকীয়ে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ কাৰাগাৰৰ পৰা অসুস্থ গগৈ বুধবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ অহাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত গগৈয়ে কয়-"দীৰ্ঘদিনৰ পৰা বিছনাত পৰি আছিলোঁ।মঙলবাৰৰ পৰা কিছু সুস্থ হৈ উঠাৰ লগতে গা-মন অলপ ভাল লাগিছে।এইটো কেৱল সম্ভৱ হৈছে একমাত্ৰ আদালতৰ নিৰ্দেশ, লসংবাদ মাধ্যমৰ হেঁচা আৰু অসমৰ ৰাইজৰ সংগ্রামৰ বাবে।"

জে'লত থকা কেৱল ময়ে নহয়,বেছিভাগ মানুহৰে স্বাস্থ্যৰ অৱস্থা অত্যন্ত বেয়া।খাদ্য আৰু চিকিৎসাৰ অভাৱ ইয়াৰ মূল কাৰণ বুলি উল্লেখ কৰি গগৈয়ে অনুন্নত খাদ্য আৰু উপযুক্ত চিকিৎসাৰ অভাৱৰ বাবে ইতিমধ্যে বহুজন কয়দীয়ে মৃত্যুক সাৱটি লোৱা বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰে।  

ৰাজ্যসভাৰ নিৰ্বাচনত 'কা' বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে বুলি আহ্বান কৰি গগৈয়ে কয়-"অসমবাসী ৰাইজে 'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলক।"

ইফালে,কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত জিএমচিএইচৰ চৌহদ উত্তাল কৰি তোলে একাংশ সদস্য আৰু সমৰ্থকে।

Your Comments