নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকৰ বিৰুদ্ধে সাংবাদিকৰ বৃহৎ প্ৰতিবাদ,কিন্তু কিয়?

Pic

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ১৭ বছৰৰ মূৰত অহা ১২মার্চত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন।বহু প্ৰত্যাশিত নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে মঙলবাৰে প্ৰেছ ক্লাবটোৰ সন্মুখত একাংশ সাংবাদিকে সাব্যস্ত কৰে প্ৰতিবাদ।বহু জ্যেষ্ঠ সাংবাদিককে ধৰি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় অৰ্ধশতাধিক সাংবাদিকে।সাংবাদিকসকলৰ প্ৰধান দাবী হৈছে প্ৰেছ ক্লাবটোৰ পৰা বহিষ্কৃত সম্পাদক নৱ ঠাকুৰীয়াই দাখিল কৰক ১৭বছৰ বিত্তীয় হিচাপ।

নৱ ঠাকুৰীয়া মুর্দাবাদ,গণতন্ত্ৰ ৰক্ষা কৰক আদি দাবীৰে প্ৰেছ ক্লাবৰ সন্মুখভাগ উত্তাল কৰি তোলে সাংবাদিকসকলে।হাতে-হাতে প্লেকাৰ্ড লৈ সাংবাদিকসকলে নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই কয়- 'গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু গণতন্ত্ৰক ভৰিৰে মোহাৰি বিগত ১৭ বছৰে একাংশ লোকে গুৱাহাটী প্ৰেছ ক্লাব নামৰ এটা স্বতন্ত্ৰ সংস্থাক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি স্থবিৰতাৰ সৃষ্টি কৰিছিল।শেহতীয়াভাৱে এটা গতিশীল আন্দোলন হৈছে।সেই গতিশীল আন্দোলনে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে।কিন্তু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস নথকা, গণতন্ত্ৰক ভৰিৰে মোহাৰি একাংশ ব্যক্তিয়ে নিৰ্বাচনক প্ৰত্যাহ্বান জনাই দ্বাৰস্থ হৈছে আদালতৰ।তাকো গণতান্ত্ৰিক প্ৰক্ৰিয়া বিচাৰি,যি নেকি হাস্যকৰ কথা।এই অপপ্ৰয়াসৰ বিৰোধিতা কৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ।'

গণতন্ত্ৰ,ন্যায়ালয়,ন্যায়পালিকাৰ প্ৰতি আস্থা থকা বুলি উল্লেখ কৰি ভূঞাই কয়- 'সাংবাদিকসকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাত সহায় কৰি ন্যায় প্ৰদান কৰিব।' 

উল্লেখ্য যে প্ৰেছ ক্লাবটোত বিগত ১৭ বছৰে নিৰ্বাচন অনুষ্ঠিত কৰা নাছিল সম্পাদক নৱ ঠাকুৰীয়াই।তাৰ পৰিণতিতে  এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰি ঠাকুৰীয়াক অপসাৰণ কৰি অহা ১২ মার্চত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।তাৎপয্যপূৰ্ণ কথা এই যে অপসাৰিত সম্পাদক ঠাকুৰীয়াই উপযুক্ত প্ৰমাণ-পত্ৰ দিবলৈ নোৱাৰাত ইতিমধ্যে ক্লাবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে নাম।নাম কৰ্তন হোৱাৰ পিছতে ভোটাৰ তালিকাক অবৈধ বুলি দাবী কৰি দ্বাৰস্থ হৈছিল আদালতৰ।ইয়াৰ উপৰিও ঠাকুৰীয়াৰ পৰা বিগত ১৭ বছৰৰ হিচাপৰ খতিয়ান গ্ৰহণ কৰাৰ বাবে গঠন কৰা হৈছে তিনিজনীয়া এখন বিশেষ কমিটী।কিন্তু ৰহস্যজনকভাৱে ঠাকুৰীয়াই তিনিজনীয়া কমিটীক হিচাপৰ খতিয়ান দাঙি ধৰা নাই বুলিও অভিযোগ উঠিছে।তাতে ক্ষুন্ন হৈ সাংবাদিকসকলে নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

Your Comments