বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি পদত ডিম্বেশ্বৰ বেজবৰুৱা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল সমিতিৰ বহু প্ৰত‍্যাশিত সভাপতি পদত ডিম্বেশ্বৰ বেজবৰুৱাক শুকুৰবাৰে নিযুক্তি দিয়া হয়।উল্লেখ‍্য যে ৯ খন পঞ্চায়ত সমিতিৰে গঠিত মণ্ডল সমিতিখনৰ সভাপতি বাচনিৰ বাবে যোৱা ৭ নৱেম্বৰত এখন সভা ঘগ্ৰাপাৰ হাইস্কুলত অনুষ্ঠিত হৈছিল।উক্ত সভাত সভাপতি পদৰ বাবে পাঁচগৰাকীয়ে আবেদন কৰাত পৰ্যবেক্ষকে সভাপতি বাচনি কৰাত ব‍্যৰ্থ হৈছিল।সেইদিনা সভাত পৰ্যবেক্ষক হিচাপে বিজেপি নেতা প্ৰাণ কুমাৰ দাস,মধুৰাম ডেকা,নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,সাধাৰণ সম্পাদক অঞ্জন শৰ্মা প্ৰমুখ্যে বহুকেইজন নেতা উপস্থিত আছিল যদিও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাত পৰ্যবেক্ষক দলটোৱে পেনেল যোগে আটাইকেইজনৰে নাম দলীয় উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰন কৰিছিল।সেই অনুসৰি বৃহস্পতিবাৰে ডিম্বেশ্বৰ বেজবৰুৱাক উৰ্ধতন কৰ্তৃপক্ষই নিযুক্তি দিয়ে। নৱনিৰ্বাচিত সভাপতিগৰাকীক বৃহস্পতিবাৰে সন্ধিয়া দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনায়।ঘগ্ৰাপাৰস্থিত মণ্ডল সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত আদৰণি অনুষ্ঠানত বিজেপিৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি মৃদুল কলিতা,জিলা সমিতিৰ সম্পাদক অঞ্জন শৰ্মা,জিলা কাৰ্যনিৰ্বাহক ভ্ৰমৰ মজুমদাৰ, পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে প্ৰায় দুই শতাধিক দলীয় কাৰ্যকৰ্তাই নৱনিৰ্বাচিত সভাপতিগৰাকীক আদৰণি জনায়।ইফালে আদৰণি গ্ৰহণ কৰি আগন্তুক কাৰ্যকালত দলৰ সাংগঠনিক স্থিতি মজবুত কৰাত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ সুখ -দুখৰ সমভাগী হ'ব বুলি ডিম্বেশ্বৰ বেজবৰুৱাই মন্তব্য কৰে।উল্লেখ‍্য যে ডিম্বেশ্বৰ বেজবৰুৱা যোৱাটো কাৰ্যকালত বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহক কৰিছিল।

Your Comments