লোকসেৱক হলধৰ ভূঞাৰ নগাঁৱৰ বাসগৃহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিলে শ্ৰীমন্ত শংকৰ মিশ্যনে 

Pic

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ অন্যতম প্ৰতিষ্ঠাতা লোকসেৱক হলধৰ ভূঞাৰ নগাঁও চহৰস্থিত বাসগৃহটো সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল অন্যতম সৰ্ববৃহৎ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যন । লোকসেৱক ভূঞাৰ নগাঁও চহৰৰ নতুন বজাৰৰ বাসগৃহটো মেৰামতিৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এসময়ৰ নেতা, স্বাধীনতা সংগ্ৰামী, নগাঁৱৰ প্ৰাক্তন বিধায়ক, শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি হলধৰ ভূঞাৰ স্মৃতি বিজড়িত নগাঁও চহৰৰ মাজমজিয়াত থকা এই বাসগৃহটোত শুকুৰবাৰে চাফাই অভিযান চলালে শ্ৰীমন্ত শংকৰ মিশ্যনৰ বিষয়ববীয়া,সদস্য আৰু নগাঁৱৰ একাংশ সচেতন নাগৰিকে । লোকসেৱক হলধৰ ভূঞাৰ এই বাসগৃহটোত বহু বছৰ ধৰি তেওঁৰ মাজুপুত্ৰ তথা সমাজকৰ্মী মুকুট ভূঞাই বাস কৰি আহিছে।এটা সৰু-সুৰা ব্যৱসায়ৰে জীৱিকা নিৰ্বাহ কৰা মুকুট ভূঞাই ঐতিহ্যমণ্ডিত বাসগৃহটো মেৰামতি কৰিবলৈ আগবাঢ়ি অৰ্থ সংকটত ভুগিছিল।সেয়ে,এইক্ষেত্ৰত শংকৰ মিশ্যনে আগভাগ লৈ প্ৰয়াত লোকসেৱক হলধৰ ভূঞাৰ এই ৮০ বছৰীয়া ইতিহাস প্ৰসিদ্ধ ঘৰটো সংৰক্ষণৰ বাবে এই পদক্ষেপ হাতত লয়।ইফালে,স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এই পদক্ষেপৰ আন্তৰিকতাৰে আদৰণি জনাইছে প্ৰয়াত প্ৰাক্তন বিধায়ক হলধৰ ভূঞাৰ পুত্ৰ মুকুট ভূঞাই।উল্লেখ্য যে লোকসেৱক হলধৰ ভূঞাৰ জন্ম হৈছিল ১৮৯১ চনৰ ২৮ ছেপ্টেম্বৰত নগাঁও জিলাৰ কামপুৰ তেঁতেলিসৰা গাঁৱত।হলধৰ ভূঞাই কামপুৰ এম ভি স্কুলত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আৰু নগাঁও চৰকাৰী বালক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সাং কৰি গুৱাহাটীৰ কটন কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰে যদিও আৰ্থিক অনাটনৰ বাবে আধাতে শিক্ষা সামৰি ঘৰলৈ গুচি আহে।পাছত তেওঁ নগাঁও চিভিল চাৰ্জনৰ কাৰ্যালয়ত কেৰাণী চাকৰিত যোগদান কৰে। কিন্তু অদম্য দেশপ্ৰেম থকা ভূঞাই ১৯২১চনত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি চাকৰি ত্যাগ কৰিব লগীয়া হয়।পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।তেওঁ নগাঁও জিলা কংগ্ৰেছৰ প্ৰথমজন সাধাৰণ সম্পাদক আছিল।স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বাবে তিনিবাৰকৈ কাৰাবাস খাটিব লগীয়া হৈছিল।সেই সময়ত নগাঁও জিলা কংগ্ৰেছৰ কোনো কাৰ্যালয় নথকাত নগাঁও নগৰৰ নিজা বাসগৃহতেই জিলা কংগ্ৰেছৰ কাৰ্যালয় স্থাপন কৰি দলীয় কামকাজ চলাইছিল। সংসাৰ চলাবলৈ তেওঁ গেলামালৰ দোকানী, ঘৰুৱা শিক্ষক, বাতৰি কাকতৰ বিতাৰক, বীমা এজেন্ট হ'ব লগীয়া হৈছিল। হলধৰ ভূঞাই বিগত ১৯৩৭ আৰু ১৯৪৬চনৰ অনুষ্ঠিত হোৱা নিৰ্বাচনত  নগাঁও পশ্চিম সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰে দুবাৰকৈ বিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৫২চনত কংগ্ৰেছ ত্যাগ কৰি প্ৰজা চ'ছিয়েলিষ্ট পাৰ্টি অসমত যোগদান কৰে আৰু তেওঁ দলটোৰ ৰাজ্যিক শাখাৰ সভাপতিও হৈছিল।তেওঁ ১৯২৯চনত নগাঁৱত জন্ম হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম প্ৰতিষ্ঠাতা আছিল।তদুপৰি,তেওঁ ১৯৩০-১৯৩৩ চনলৈ সংঘৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।আনহাতে, তেওঁ ১৯৫০চনত স্থাপন কৰে শ্ৰীমন্ত শংকৰ মিশ্যন।অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১৯৬৪ চনত ৰাজনৈতিক নিৰ্যাতিত মঞ্চই তেওঁক 'লোকসেৱক' উপাধি প্ৰদান কৰে। ১৯৬৮ চনৰ ২৮ মাৰ্চত লোকসেৱক হলধৰ ভূঞাৰ দেহাৱসান ঘটে। এইগৰাকী মহান দেশপ্ৰেমিক, সমাজসেৱক, মহান নগঞাৰ বিয়োগৰ পিছত তেওঁৰ নগাঁও চহৰৰ মাজমজিয়াত থকা বাসগৃহটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰজাঘৰ-প্ৰজাঘৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল।আপদালৰ অভাৱত জহি-খহি উৱলি যাবলৈ ধৰা সেই ইতিহাস প্ৰসিদ্ধ বাসগৃহটোক হাবি-জংঘলে আগুৰি ধৰিছিল। কিন্তু তালৈ কোনেও চকু দিয়া নাছিল। অৱশেষত তেওঁ প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শংকৰ মিশ্যন আগুৱাই আহিল লোকসেৱকৰ ইতিহাস প্ৰসিদ্ধ বাসগৃহটোৰ সংৰক্ষণৰ বাবে ।

 

Your Comments